1. News

আজি বিশ্ব বাঁহ দিৱস

PANKAJ KHANIKAR
PANKAJ KHANIKAR
আজি বিশ্ব বাঁহ দিৱস
আজি বিশ্ব বাঁহ দিৱস

অসমীয়াত এষাৰ কথা আছে যাৰ নাই বাঁহ। তাৰ নাই সাহ। অৱশ্যে বৰ্তমান এইষাৰ খতা প্ৰযোজ্য নহয় কিন্তু বাঁহৰ প্ৰাসংগিকতা শেষ শেষ হৈ যোৱা নাই। বাঁহ সভ্যতাৰ পৰা কালি-পৰহিহে আহিহে এই প্লাষ্টিক সভ্যতাত ভৰি দিছে। কাৰণ ২০০০ চনৰ পাছৰ সময়খিনিত বাঁহ আছিল অসমীয়া মানুহখিনিৰ বাবে কল্পতৰু স্বৰূপ। কাৰণ বাঁহৰ পৰাই ঘৰ, বাহৰ পৰাই শুৱলৈ বিছনা, গোহালি, ঘৰ, জেওঁৰা, টঙাল, খেতি কৰিবলৈ টঙাল, মৈ, ডিলা মাৰি, মাছ ধৰিবসৈ জাকৈ, খালৈ, ডিঙৰা জুলুকি, ধোঁৱা চাঙ, চালনি, ডলা আদিৰ লগতে দ্দৈনদিন জীৱনত প্ৰয়োজনীয় বহু সম্পদৰ কেঁচামাল আছিল বাঁহ। অৱশ্যে এতিয়া গ্ৰাম্য পৰিৱেশত বাঁহৰ সেই আদৰ কমা নাই। কিন্তু নগৰীয়া সমাজত বাঁহৰ স্থান লৈছে প্লাষ্টিকে।

অসমীয়া সমাজৰ এই কল্পতৰুস্বৰূপ বাঁহজোপাৰ আজি দিৱস। ২০০৯ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে বাঁহ দিৱস। বাঁহ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৮ ছেপ্টেম্বৰত বাঁহ দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বৰ দেশসমূহত বিশেষকৈ পূব আৰু দক্ষিণ-পূব এছিয়াত বাঁহৰ কাঠ বহুদিনৰ পৰা বিভিন্ন কামত ব্যৱহাৰ হৈ আহিছে।

বেংককত অনুষ্ঠিত অষ্টম বিশ্ব বাঁহ কংগ্ৰেছৰ সময়ত ২০০৯ চনৰ ১৮ ছেপ্টেম্বৰত বিশ্ব বাঁহ সংগঠনক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হয়। ইয়াৰ পিছতে প্ৰায় ১০০ খন দেশৰ প্ৰতিনিধিয়ে এই দিনটোক বিশ্ব বাঁহ দিৱস হিচাপে স্মৰণ কৰিবলৈ সন্মত হয়। বিশ্ব বাঁহ দিৱসৰ উদ্দেশ্য হৈছে বাঁহৰ অৰ্থনৈতিক সম্ভাৱনাৰ বিষয়ে অধিক পৰিচয় দিয়াৰ লগতে নতুন উদ্যোগত ইয়াৰ খেতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা।

উল্লেখ্য যে বাঁহৰ গাজৰ পৰা হোৱা খৰিচা সম্প্ৰতি এবিধ অতি জনপ্ৰিয় খাদ্য পৰিণত হৈছে। বিশ্বত ই এখন ভাল বজাৰ দখল কৰাৰ সম্ভাৱনা আছে। এইক্ষেত্ৰত অসমেও এখন ভাল বজাৰ গঢ় দিব পাৰে কাৰণ অসমত গ্ৰামাঞ্চলত বাঁহ নথকা এঘৰ মানুহ নাই। উল্লেখ্য বহুকেইজন অসমীয়া কৃষকে বাঁহৰ প্ৰাসংগিকতাৰ প্ৰতি লক্ষ্য ৰাখি বাঁহ খেতি কৰিবলৈ লৈছে আৰু যথেষ্ট লাভান্বিত হৈছে।

লগতে পঢ়ক- প্ৰতিখন জিলাত ৭৫ টাকৈ পুখুৰী খান্দিব ৰাজ্য চৰকাৰে

English Summary: world bamboo day

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.