1. News

প্ৰখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু

RAHUL ALI
RAHUL ALI
Comedian Raju Srivastava Passes away
Comedian Raju Srivastava Passes away

দেশৰ বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ মৃত্যু হৈছে। ১০ আগষ্টত জিমত ব্যায়াম কৰোঁতে ৰাজু হৃদৰোগত আক্ৰান্ত হৈছিল। হৃদযন্ত্ৰত একাধিক অৱৰোধৰ খবৰ পোহৰলৈ অহাৰ পিছত, দিল্লী এইমছৰ চিকিৎসকৰ এটা দলে ৰাজুৰ ওপৰত এঞ্জিওগ্ৰাফী কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে, তেওঁৰ অৱস্থাত বিশেষ উন্নতি হোৱা নাছিল। অৱশেষত, যোৱা কেইদিনমান ধৰি ভেণ্টিলেটৰত জীৱনৰ বাবে যুঁজি থকা ৰাজু শ্ৰীবাস্তৱে আজি নিজৰ জীৱন ত্যাগ কৰিলে। ৰাজু শ্ৰীবাস্তৱৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। সকলোৱে ৰাজুক অশ্ৰুশিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনাইছে।

ৰাজু শ্ৰীবাস্তৱে কৌতুকৰ জৰিয়তে জীৱনৰ কিছুমান অতি প্ৰাসংগিক পৰিস্থিতিৰ সৈতে ষ্টেণ্ড-আপ কমেডিৰ পৃথিৱীত সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰথম ষ্টেণ্ড-আপ কমেডি প্ৰতিভা হান্ট শ্ব' 'দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ'ৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল যাৰ প্ৰথম চিজন ২০০৫ চনত প্ৰিমিয়াৰ হয়।

তেওঁ হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় "মেইনে পেয়াৰ কিয়া", "বাজিগৰ", "বোম্বাই টু গোৱা" "আমদানি আথানি খৰচা ৰূপাইয়া" আদিৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। "বিগ বছ" চিজন থ্ৰীৰ অন্যতম প্ৰতিযোগী। ইয়াৰ উপৰিও ৰাজু শ্ৰীবাস্তৱৰ উত্তৰ প্ৰদেশ চলচ্চিত্ৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল।

"ট্ৰেডমিলত তেওঁ তেওঁৰ নিয়মীয়া ব্যায়াম কৰি আছিল, তেনেতে তেওঁ হঠাতে তললৈ বাগৰি পৰিছিল। তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল আৰু লগে লগে তেওঁক এইমছচিকিৎসালয়লৈ লৈ যোৱা হৈছিল,"- ৰাজু শ্ৰীবাস্তৱৰ সম্পৰ্কীয় ভাইয়ে আগতে পিটিআইক কয়।

এয়া চিৰন্তন সত্য যে দেশৰ বিখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱ এতিয়া আমাৰ মাজত এই পৃথিৱীত নাই। এই অতি দুখজনক খবৰটো এইমাত্ৰ আহিছে। তেওঁ ৫৮ বছৰ বয়সত দিল্লী এইমছত শেষ নিশ্বাস ত্যাগ কৰিছিল। সমগ্ৰ বলীউড উদ্যোগ আৰু তেওঁলোকৰ অনুৰাগীসকল এই খবৰটোত বৰ দুখী।

লগতে পঢ়ক-কে জে চৌপালত ড্ৰোণ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি স্মিত শ্বাহ!

English Summary: Comedian Raju Srivastava Passes away News

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.