1. News

উৰিষ্যাৰ বালাচোৰৰত অনুষ্ঠিত হোৱা কৃষি সয়ন্ত্ৰ মেলাৰ আজি অন্তিম দিন

RAHUL ALI
RAHUL ALI
Krishi Sanyantra Mela 2023
Krishi Sanyantra Mela 2023

কৃষক, কৃষি পেছাদাৰী আৰু চৰকাৰী বিষয়াসকলক একত্ৰিত কৰি কৃষি উদ্যোগৰ শেহতীয়া প্ৰৱণতা আৰু উদ্ভাৱনৰ সন্দৰ্ভত আলোচনাৰ উদ্দেশ্যে ২৫ ৰ পৰা ২৭ মাৰ্চলৈ তিনিদিনীয়াক কাৰ্যসূচীৰে উৰিষ্যাৰ বালাচোৰৰ কুৰুদা ফিল্ডত অনুষ্ঠিত হোৱা  কৃষি সান্নিয়ন্ত্ৰ (Krishi Sanyantra) মেলাৰ আজি অন্তিম দিন। মেলাখনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কৃষক ভাতৃ, কৃষি বিজ্ঞানী, কৃষি অভিযন্তা আৰু কৃষি বিষয়াসকলে অংশগ্ৰহণ কৰিছে, বিশেষকৈ বালাচোৰৰ বিভিন্ন প্ৰান্তৰ পৰা।

কৃষি সয়ন্ত্র ২০২৩ ৰ তৃতীয় দিনৰ কাৰ্যূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক এছ পি নন্দা (ডিন, এম এছ স্বামীনাথন স্কুল অৱ এগ্ৰিকালচাৰ, চিইউটিএম, গজপতি) তপস ৰঞ্জন প্ৰধান (ডিডিএম নাবাৰ্ড, বালাচোৰ)ৰ লগতে উপস্থিত থাকে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিক। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিতে আজিৰ এই অনুষ্ঠানত কৃষকসকলক সন্মান জনোৱা হয়।

মেলাখনত সকলো প্ৰগতিশীল কৃষক আৰু প্ৰদৰ্শকক প্ৰমাণপত্ৰ দিয়াৰ লগতে কৃষিক্ষেত্ৰত ব্যৱহৃত জ্ঞান আৰু প্ৰযুক্তিৰ মানদণ্ডৰ বিষয়েও বিশেষভাৱে আলোচনা কৰা হৈছিল যাতে কৃষক ভাতৃসকল অধিক উৎপাদনশীল আৰু সমৃদ্ধ হ'ব পাৰে। এই কাৰ্যসূচীয়ে এই কৃষকসকলক কৃষি সম্পৰ্কীয় নতুন প্ৰযুক্তি আৰু প্ৰযুক্তিৰ সৈতে পৰিচয় কৰাই অধিক উৎপাদনশীল কৰি তুলিব  বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, ভাৰতৰ সৰ্ববৃহৎ কৃষি সংবাদ প্ৰতিস্হান কৃষি জাগৰণৰ উদ্যোগত আয়োজিত কৃষি সান্নিয়ন্ত্ৰ সন্মিলনখনত প্ৰথম দিনা উপস্হিত আছিল পশুপালন, দুগ্ধ পালন আৰু মীন পালন ৰাজ্যিক মন্ত্ৰী পৰশোত্তম ৰূপালা আৰু সংসদৰ সদস্য প্ৰতাপ চন্দ্ৰ চাৰংগী। এই মেলাৰ জৰিয়তে বজাৰত কৃষকৰ উৎপাদিত সামগ্ৰী কেনেদৰে যুক্তিসঙ্গত মূল্যত বিক্ৰী কৰিব পাৰি সেই বিষয়েও কাৰ্যসূচীত আলোচনা কৰা হৈছিল।

লগতে পঢ়ক-

Krishi Sanyantra, Day-2 : উড়িষ্যাৰ কৃষি সয়ন্ত্ৰ ২০২৩ ৰ আজি দ্বিতীয়টো দিন

English Summary: Last Day of Krishi Sanyantra Mela 2023

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.