1. News

আজি কেন্দ্ৰীয় বাজেট: কৃষকৰ বাবে আহিব পাৰে ভাল খবৰ!

KJ Staff
KJ Staff
Nirmala Sitharaman
Nirmala Sitharaman

আজিৰ দিনটো সমগ্ৰ দেশবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো আজি দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩ চনৰ বাজেট উপস্থাপন কৰিছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে ৫মবাৰৰ বাবে এই বাজেট উপস্থাপন কৰিছে। এইবাৰ বাজেটত দৃষ্টি নিবদ্ধ ৰাখিছে সাধাৰণ ৰাইজে। তেওঁলোকে বিত্ত মন্ত্ৰীৰ পৰা উচ্চ প্ৰত্যাশা ৰাখিছে।

কৰোনা মহামাৰীয়ে স্বাভাৱিক জীৱন ব্যাহত কৰাৰ পাছত মানুহৰ জীৱিকাত যথেষ্ট প্ৰভাৱ পৰিছিল। সেয়েহে মানুহে এই আশাত আছে যে এইবাৰৰ বাজেটে নতুন নিযুক্তিৰ সুযোগ মুকলি কৰিব। লগতে, বিত্তমন্ত্ৰীয়ে মুদ্ৰাস্ফীতিৰ বিষয়তো কিছু নতুন ঘোষণা কৰিব পাৰে। তদুপৰি, কৃষকসকলৰো বাজেটৰ পৰা উচ্চ প্ৰত্যাশা আছে। এতিয়া লক্ষণীয় হ’ব যে বাজেট ২০২৩ য়ে জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰে নে নকৰে।

বিগত বৰ্ষত কৰোনাৰ বাবে, বাজেট টেবলেটৰ জৰিয়তে উপস্থাপন কৰা হৈছিল। কিন্তু এইবাৰ বাজেট ২০২৩ কেনেদৰে উপস্থাপন কৰা হ'ব সেয়াও লক্ষণীয় হ'ব।

বিত্ত মন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

বাজেট উপস্থাপন কৰাৰ আগতে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

কৃষকসকলৰ বাবে বাজেট গুৰুত্বপূৰ্ণ হ'

যিহেতু এই বছৰটো আন্তৰ্জাতিক বাজৰা বৰ্ষ হিচাপে উদযাপন কৰা হৈছে, সেয়ে চৰকাৰে মোটা শস্যৰ যথেষ্ট প্ৰচাৰ কৰি আছে, এতিয়া আশা কৰা হৈছে যে এই বাজেটত মোটা শস্য সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব পাৰে। একে সময়তে, কৃষকসকলে আশা কৰে যে চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত প্ৰাপ্ত পৰিমাণ বৃদ্ধি হ’ব পাৰে।

লগতে পঢ়কঃ ৪ শতাংশ সুতত ৩ লাখ টকা ঋণ কৃষকলৈ। বেংকলৈ গৈ আবেদন কৰক...

English Summary: Will there be a good news for farmers in budget 2023?

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.