1. News

ASI গোপাল দাস কোন? দেওবাৰে গোপাল দাসে কিয় গুলি কৰি হত্যা কৰিলে ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ কুমাৰ দাসক?

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Why killed Naba Kishore das
Why killed Naba Kishore das

ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নব কুমাৰ দাসৰ হত্যাকাণ্ডই সমগ্ৰ ভাৰতবৰ্ষতে এক জোকাৰণি সৃষ্টি কৰিছে। এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ থকা অৱস্থাত দিনৰ পোহৰতে ASI  গোপাল দাসে গুলিয়াই হত্যা কৰে নব কুমাৰ দাসক।

ভাৰতীয় ৰাজনীতি আৰু কৰ্পৰেট জগতৰ বিশিষ্ট ব্যক্তিসকলে মন্ত্ৰীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে। উদ্যোগপতি নবীন জিন্দালে টুইট কৰি কয়, “যোৱা ২০ বছৰত মই নৱ কিশেৰ দাসক এজন গণনেতা আৰু এজন ভদ্ৰলোক হিচাপে চিনি পাইছো যিজনক সকলোৰে প্ৰিয় আৰু  প্ৰশংসাৰ পাত্ৰ আছিল। এই ট্ৰেজেডীত আমি স্তম্ভিত আৰু দুখী। ওড়িশা আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আবেগ আৰু অৰ্থপূৰ্ণ অৱদানৰ বাবে তেওঁক চিৰদিনৰ বাবে হেৰুৱালে।

লগতে পঢ়ক- 

Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে

কিয় হত্যা কৰা হল নবা দাসক?

প্ৰাথমিক খবৰ অনুসৰি তেওঁৰ হত্যাকাৰী মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগি চিকিৎসা গ্ৰহণ কৰি আছিল বুলি প্ৰকাশ পালেও কৰ্তৃপক্ষই দাসৰ হত্যাৰ কাৰণ তদন্ত কৰি আছে। এই সন্দৰ্ভত হত্যাকাৰী গোপাল দাসে পত্নীয়ে জনায় ‘মানসিক ৰোগত আক্ৰান্ত আৰু বিগত সাত-আঠ বছৰ ধৰি চিকিৎসাধীন হৈ আছে। ঔষধ খোৱাৰ পিছত তেওঁৰ আচৰণ স্বাভাৱিক হয়।’ লগতে তেওঁ কয়- “কি হ’ল নাজানো। মাত্ৰ বাতৰিত শুনিলোঁ। মই কেনেকৈ জানিম? ঘৰত আছো। আজি পুৱাৰে পৰা তেওঁৰ সৈতে কথা পতা নাই, তেওঁ আমাৰ কন্যাৰ সৈতে ভিডিঅ’ কলত কথা পাতিছিল।’

ইফালে, ঘটনাৰ তদন্তৰ বাবে মুখ্যমন্ত্রী নবীন পাটনাইকে আৰক্ষীৰ অপৰাধ শাখাক পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে। পাটনাইকে টুইটাৰযোগে লিখিছে, ‘ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী নৱ কিশোৰ দাসৰ অকাল মৃত্যুৰ খবৰ পাই মই গভীৰ শোক প্ৰকাশ কৰিছো। তৃণমূল পৰ্যায়ৰ নেতা হিচাপে দলীয় মতামত নিৰ্বিশেষে সকলোৰে মৰম আৰু সন্মান তেওঁৰ আছে। সমগ্ৰ ৰাজ্যৰ বাবে ই এক অপূৰণীয় ক্ষতি। চৰকাৰ আৰু দলত তেওঁৰ ভূমিকা সদায় স্মৰণীয় হৈ থাকিব।

লগতে পঢ়ক- 

জাকজমকতাৰ বিপৰীতে বিয়াৰ নামত খৰছ হোৱা ধনেৰে ২০টা শিশুৰ শিক্ষাৰ দায়িত্ব ল’লে এহাল নৱ বিবাহিত দম্পতীয়ে

English Summary: Cop who shot Odisha minister was being treated for mental illness: Wife

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.