1. News

৪ শতাংশ সুতত ৩ লাখ টকা ঋণ কৃষকলৈ। বেংকলৈ গৈ আবেদন কৰক...

PANKAJ KHANIKAR
PANKAJ KHANIKAR

কৃষকসকলক স্বাৱলম্বী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে  ইতিমধ্যে বহু আঁচনি গ্ৰহণ কৰিছে। এই কৃষক কল্যান আঁচনিসমূহৰ অধীনত চৰকাৰে পশুপালনৰ বাবে এখন পশু ক্ৰেডিট কাৰ্ড আঁচনি গ্ৰহণ কৰিছে।  যিখন আঁচনিৰ অধিনত চৰকাৰে পশুপালনৰ বাবে পালকসকলে কোনো নিশ্চয়তা অবিহনে ১.৬০ লাখৰ পৰা ৩ লাখলৈকে ঋণ লাভ কৰে।

এই ঋণ ৫ বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব:

পশু ক্ৰেডিট কাৰ্ডত ঋণ লোৱা কৃষকসকলে ৭ শতাংশ সুতৰ হাৰত ঋণ পৰিশোধ কৰিব লাগিব। যদি কৃষকে সময়মতে ঋণ পৰিশোধ কৰে, তেন্তে চৰকাৰে সুতৰ হাৰত ৩ শতাংশ ৰেহাই দিয়ে। সেই অনুসৰি কৃষকে এই ঋণ পৰিশোধ কৰিব লাগিব কেৱল ৪ শতাংশ সুতৰ হাৰত। কৃষকে ৫ বছৰৰ ভিতৰত এই ঋণ ঘূৰাই দিব লাগিব। কৃষকসকলৰ বাবে পশু ক্ৰেডিট কাৰ্ডৰ সুবিধা আৰম্ভ কৰিছে চৰকাৰে। পশুপালন ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত কৃষকে এটা পশু কিষাণ ক্ৰেডিট কাৰ্ড বনাব লগা হয়। এই কাৰ্ডৰ সহায়ত জীৱ-জন্তু কিনিবলৈ কম সুতৰ হাৰত ঋণ পোৱা পাব। যিসকল কৃষকৰ নিজা মাটি আছে তেওঁলোকেও এই আঁচনিৰ সুবিধা ল’ব পাৰে, য’ত তেওঁলোকে জীৱ-জন্তুৰ বাবে ঘৰ বা চৰণীয়া পথাৰ বনাব বিচাৰে।

লগতে পঢ়ক- 

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

এটা জন্তু কিনিবলৈ ইমান ঋণ পায় :

কৃষকক পশু কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে গৰু কিনাৰ বাবে ৪০,৭৮৩ টকা, ম’হ কিনাৰ বাবে ৬০,২৪৯ টকা, গাহৰি কিনাৰ বাবে ১৬,২৩৭ টকা,  ভেড়া/ ছাগলী কিনাৰ বাবে ৪,০৬৩ টকা দিয়া হয়।

ক’ত আবেদন কৰিব লাগে :

যদি কৃষকে পশুৰ ক্ৰেডিট কাৰ্ড ল’ব বিচাৰে, তেন্তে তেওঁলোকে ওচৰৰ বেংকত গৈ আবেদন কৰিব পাৰে। আবেদন কৰা কৃষকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, মোবাইল নম্বৰ, শেহতীয়া পাছপৰ্ট আকাৰৰ ফটো থাকিব লাগিব। আৱেদন প্ৰ-পত্ৰৰ পৰীক্ষণৰ এমাহৰ পিছত কৃষকসকলক বেংক পাশু ক্ৰেডিট কাৰ্ড প্ৰদান কৰা হ’ব। অধিক তথ্যৰ বাবে চৰকাৰী ৱেবছাইটত গৈও কৃষকসকলে তথ্য লাভ কৰিব পাৰে।

লগতে পঢ়ক- 

Pig Farming at Home : ঘৰতে গাহৰি পালনৰ একেবাৰে কম খৰছি আৰ্হি

English Summary: Government started animal husbandry credit card scheme

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.