1. News

জন্মদিনৰ উপহাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে ওপচালে প্ৰধানমন্ত্ৰী মোদীয়ে

KJ Staff
KJ Staff
Narendra Modi/Himanta Biswa Sarma
Narendra Modi/Himanta Biswa Sarma

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে ওপচালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনত টুইটযোগে শুভেচ্ছা প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। শুভেচ্ছা বাৰ্তাত কেইবাটাও বিশেষণেৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰে।

টুইটত হিমন্ত বিশ্ব শৰ্মাক পৰিশ্ৰমী আখ্যা দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, ‘পৰিশ্ৰমী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ।’

হিমন্ত বিশ্ব শৰ্মাই উদ্যমীভাৱে(energetically) জনহিতৈশী বহু উদ্যোগ গ্ৰহণ কৰি ৰাজ্যখনক সলনি কৰা বুলিও উচ্চ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰ বাবেও প্ৰাৰ্থনা কৰা বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইফালে দেশৰ পেৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা লাভ কৰি এইদৰে আনন্দ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে-

‘’আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, আপুনি যি সমৰ্থন, নিৰ্দেশনা আৰু অনুপ্ৰেৰণা আগবঢ়াইছে তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি সদায়ে মোক ৰাজ্যখনত প্ৰগতি আৰু সমৃদ্ধিৰ দিশত কাম কৰাত সহায় কৰিছে। আপোনাৰ আশীৰ্বাদ আৰু শুভকামনাৰ বাবে ধন্যবাদ।’’

উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৪ সংখ্যক জন্মদিন। ১ ফেব্ৰুৱাৰীৰ নিশা ১২ বজাৰ লগে লগে অসংখ্য গুণমুগ্ধই হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ বাসভৱনৰ সন্মুখত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰে।

ইফালে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনক লৈ সমষ্টিবাসীৰ মাজত ব্যাপক উছাহ দেখা গৈছে। বিগত বৰ্ষসমূহৰ দৰে পাণ্ডু-মালিগাঁৱৰ ৰাইজৰ উদ্যোগত মঙলবাৰৰ পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে মুখ্যমন্ত্ৰীৰ জন্মদিন।

এই দুদিনীয়া জন্মদিন উদযাপনত ৰাইজে ভিন্ন কাৰ্যসূচী হাতত লৈছে। পাণ্ডু-মালিগাঁৱৰ প্ৰতিটো ৱাৰ্ডতে জনকল্যাণমূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মঙলবাৰে দিনটোত পাণ্ডুত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালিৰ অনুষ্ঠান। তদুপৰি, সন্ধিয়াৰ ভাগত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত বিহুকে আদি কৰি কেইবাটাও অসমৰ কেইবাটাও লোক সংস্কৃতিৰ নৃত্যানুষ্ঠানৰ আয়োজন কৰা হয়। নিশা ১২ বজাৰ লগে লগে ৰাইজে কে’ক কাটি উদযাপন কৰে মুখ্যমন্ত্ৰীৰ জন্মদিন। আজিৰ দিনটোত গ্ৰহণ কৰা হৈছে আন কিছু বিশেষ কাৰ্যসূচীৰ। পুৱাই বিভিন্ন নামঘৰত শৰাই আগবঢ়োৱাৰ লগতে মন্দিৰসমূহত কৰা হ'ব পূজা-অৰ্চনা। বহুকেইজন বিশেষভাৱে সক্ষম লোকক আগবঢ়োৱা হ'ব প্ৰয়োজনীয় সামগ্ৰী। বিভিন্ন ৱাৰ্ডত আয়োজন কৰা হ'ব বিনামূলীয়া স্বাস্থ্য শিবিৰ, ৰক্তদান শিবিৰৰ।

লগতে পঢ়কঃ আজি কেন্দ্ৰীয় বাজেট: কৃষকৰ বাবে আহিব পাৰে ভাল খবৰ!

English Summary: PM Modi wishes CM Himanta Biswa Sarma on his birthday

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.