কৃষি হৈছে অসমৰ এক মূল জীৱিকা। মুঠ জনসংখ্যাৰ ৭০ শতাংশতকৈ অধিক লোক কৃষিক্ষেত্ৰৰ সৈতে জড়িত। সাৰুৱা ভূমি, অনুকূল বতৰ, চহকী জৈৱ-বৈচিত্ৰতাৰে ভৰা অসমত কৃষিক্ষেত্ৰত সহায়ক হোৱাকৈ এতিয়াও অপাৰ সম্ভাৱনীয়তা লুকাই আছে। ধান, মাহ, সৰিয়হ, আলু, ঘেঁহুৰ লগতে চাহ, মৰাপাট, কুঁহিয়াৰ, কপাহ ইত্যাদি খেতি অসমত প্ৰচুৰ পৰিমানে হোৱা দেখা যায়। বৰ্তমান সময়ত আন্তৰাষ্ট্ৰীয় বজাৰলৈ লক্ষ্য ৰাখি বিভিন্ন ফল-মূলৰ লগতে মচলাজাতীয় শস্যৰো প্ৰচুৰ খেতি কৰা দেখা গৈছে। যুৱচামকে ধৰি বহু কৃষক বৰ্তমান জৈৱিক কৃষিপদ্ধতিৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱা দেখা গৈছে। এক বিজ্ঞানসন্মত সৰ্বাঙ্গীন আঁচনি আৰু বজাৰ সৃষ্টিৰে কৃষি ৰপ্তানিৰ ক্ষেত্ৰতো অসমে এক মুখ্য ভূমিকা গ্ৰহণ কৰাৰ সামৰ্থ্য আছে। এই সম্ভাৱনীয়তাসমূহ উলিয়াই আনিব কেইটামান ৰাজ্য চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে চিন্তাবিদ ধ্ৰুৱজ্যোতি কলিতাই।
লগতে পঢ়ক-
চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে
১) প্ৰতিখন গাঁওত অত্যাধুনিক প্ৰযুক্তিৰে সমদ্ধ কৃষক তথ্য কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব লাগে।
২) প্ৰতিখন গাঁওৰ মাটি আৰু প্ৰাকৃতিক সম্পদৰ বিতং তথ্য অত্যাধুনিক পদ্ধতিৰে নথিৱদ্ধ কৰিব লাগে।
৩) প্ৰতিখন গাঁওত স্থানীয় কৃষি ভিত্তিক উদ্যোগৰ বাবে প্ৰয়োজনীয় আন্তগাঁথনিৰ ব্যৱস্থা কৰিব লাগে।
৪) সকলো কৃষকক আদৰ্শ কৃষি পাম আৰু কৃষি গৱেষণা কেন্দ্ৰ ভ্ৰমণৰ সুবিধা দিব লাগে।
৫) প্ৰতি উন্নয়ন খণ্ডত প্ৰতিবছৰে কৃষি-উদ্যান মেলাৰ আয়োজন কৰিব লাগে।
৬) প্ৰতিখন গাঁওত সমূহীয়াকৈ শীতল গৃহ আৰু ভঁৰাল ঘৰ স্থাপন কৰিব লাগে।
৭) ৰাজ্যিক ভিত্তিত বৃহৎ কৃষি আঁচনি লোৱাতকৈ প্ৰতিখন গাঁওক স্থানীয় পৰিৱেশ অনুসৰি কৃষি পদ্ধতি পৰিচালনাৰ বাবে গঢ় দিব লাগে।
৮) বাৰিষাৰ সময়ত বানে নষ্ট কৰিব পৰা খেতি কৰাতকৈ সেই সময়খিনিত কৃষকক অন্যান্য বিকল্প কাম দিব লাগে।
লগতে পঢ়ক-
পিয়াজৰ গুটি নিৰ্বাচনৰ পৰা তলীৰ পৰা উঠোৱালৈকে
৯) স্বাস্থ্য, পৰিৱেশ আৰু থলুৱা সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত পৰম্পৰাগত কৃষি পদ্ধতিবোৰৰ সুপৰিচালনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
১০) অসমত চলি থকা সকলো পৰম্পৰাগত কৃষি প্ৰযুক্তিৰ বিতং সংগ্ৰহ কৰাৰ লগতে সেইবোৰৰ পৰ্যালোচনা হব লাগে।
১১) থলুৱা কৃষি উৎপাদিত শস্য আৰু সেউজ সম্পদ ভিত্তিক খাদ্য সম্ভাৰ আৰু ৰন্ধন প্ৰণালীৰ বিতং অধ্যয়ন হব লাগে।
১২) কৃষি উৎপাদিত ফচল আৰু উপজাত সামগ্ৰীৰ বাণিজ্যিক ব্যৱহাৰ বিষয়ে বিতং গৱেষণা হব লাগে।
Share your comments