1. News

বাক্সাত বিপিএফ নেতা বনমালী বড়োৰ কৃষিবিপ্লৱ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বিপিএফ নেতা বনমালী বড়োৰ কৃষিকৰ্ম
বিপিএফ নেতা বনমালী বড়োৰ কৃষিকৰ্ম

কৃষি কৰ্মৰে উজ্বলিছে বিটিচিৰ অন্তৰ্গত বাক্সা জিলা। শিক্ষিত নিৱনুৱাৰ লগতে নিৰক্ষৰ খেতিয়কে নতুন পদ্ধতিৰে খেতি কৰা দেখিবলৈ পোৱা গৈছে জিলাখনত। কোনোবাই যদি ইউটিউবত ভিডিঅ চাই খেতি ড্ৰেগন ফলৰ খেতি কৰিছে আন কোনোজনে আকৌ ধান খেতি ভাল নোহোৱা কৃষিভূমিত তামোলৰ খেতিৰে জীৱন-জীৱিকাৰ পথ মোকলাইছে। লগতে শীতকাল অহাৰ লগে লগেই ৰবিশস্যৰ বাবে যো-জা চলাইছে বিভিন্নজনে।

জিলাখনৰ নিৱনুৱাসকলৰ লগতে বাক্সাত শেহতীয়াকৈ এজন ৰাজনৈতিক নেতাই নামিছে পথাৰত। বনমালী বড়ো তদানীন্তন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য ৷ কাৰ্যকাল শেষ হোৱাৰ পাছতে বনমালী বড়োৱে ৰাজনীতিৰ সমান্তৰালকৈ কৃষিক্ষেত্ৰখনতো মনোযোগ দিয়ে ৷

শেহতীয়াকৈ তামুলপুৰ জিলাৰ ভাৰত- ভূটান সীমান্তৰ শশীপুৰত প্ৰায় পোন্ধৰ বিঘা মাটিত বনমালী বড়োৱে আৰম্ভ কৰিছে কৃষিকাৰ্য ৷ মালভোগ কল, তামোল, নাৰিকলৰ লগতে হালধি, ৰঙালাও আদিৰে অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৷

ৰাজনীতিৰ লগতে কৃষিকাৰ্যতো জড়িত হৈ এতিয়া বহুজনৰ আদৰ্শ হৈ পৰিছে বনমালী বড়ো। সাধাৰণতে নিৰক্ষৰ আৰু নিৱনুৱাসকলহে কৃষিকাৰ্যৰ লগত জড়িত থাকে বুলি ধাৰণা এটা আছে আমাৰ সমাজত। কিন্তু এজন প্ৰতিষ্ঠিত ৰাজনৈতিক নেতাই এনেদৰে কৃষিকৰ্মত জড়িত হৈ আমাৰ সমাজৰ এই ভ্ৰান্ত ধাৰণা ভুল প্ৰতিপন্ন কৰিছে। তেওঁৰ এই কাৰ্যই শিক্ষিত নিৱনুৱাসকলক নিশ্চিতভাৱে কৃষিকৰ্মৰ প্ৰতি উৎসাহিত কৰিব।

লগতে পঢ়ক- বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰিলে ৰাজ্যৰ বানপানী সমস্যা সমাধান নহয়

English Summary: POLITICIAN KISHAN OF BASKHA

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.