1. News

দুলীয়াজান অইলৰ অনুদানেৰে পুনৰ উজ্জীৱিত শিৱসাগৰ জিলা ককুৰা পাম

PANKAJ KHANIKAR
PANKAJ KHANIKAR
দুলীয়াজান অইলৰ অনুদানেৰে পুনৰ উজ্জীৱিত শিৱসাগৰ জিলা ককুৰা পাম
দুলীয়াজান অইলৰ অনুদানেৰে পুনৰ উজ্জীৱিত শিৱসাগৰ জিলা ককুৰা পাম

অৱশেষত প্ৰাণ পালে বাৰ বছৰে মৃত অৱস্থাত থকা ডিমৌতস্থিত শিৱসাগৰ জিলা ককুৰা পামখন। এসময়ত শিৱসাগৰ জিলাকে ধৰি দাঁতিকাষৰীয়া প্ৰায় কেইখন জিলালৈ কুকুৰা পালকসকলক উন্নত মানদণ্ডৰ কুকুৰা পোৱালী যোগান ধৰি আহিছিল এই ফাৰ্মখনে। কিন্তু এসময়ত ৰাজ্যৰ পশুপালন বিভাগৰ অমনোযোগিতাৰ লগতে অন্যান্য কাৰণত বন্ধ হৈ পৰিছিল বন্ধ হৈ কেৱল নাম ফলকতে জীয়াই আছিল ফাৰ্মখন।

বৃহস্পতিবাৰে দুলীয়াজান অইলৰ সামাজিক দায়বদ্ধতা শিতানৰ ১০ লাখ ২৬ হেজাৰ টকাৰ অনুদানেৰে পুনৰ উজ্জ্বীৱিত হৈ পৰিল ডিমৌস্থিত শিৱসাগৰ জিলা কুকুৰা পামখন। পামখনে বৰ্তমানে লাভ কৰা সত্তৰ শতাংশ অনুদানেৰে বিকল হৈ থকা কুকুৰা পোৱালী জগোৱা ইনকুবেটৰ, বৈদ্যুতিকৰণকে ধৰি কুকুৰা কণী ক্ৰয় কৰাৰ লগতে বিভিন্ন যন্ত্ৰাংশৰ মেৰামটিৰ কামত খৰছ কৰে। অনুদান আগবঢ়োৱা উপলক্ষ্য বৃহস্পতিবাৰে অনুষ্ঠিত এক সভাতে প্ৰতিকীভাৱে তিনিগৰাকী মহিলাক এই পামতে উলিওৱা কণী পৰা কুকুৰা পোৱালী প্ৰদান কৰে।

সভাখনত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ, দুলীয়াজান অইলৰ জনসম্পৰ্কৰক্ষী বিষয়া দেৱাশিষ বড়া আৰু শতাব্দী মহন্ত, পশুপালন বিভাগৰ উপ-সঞ্চালক জ্যোতি প্ৰসাদ কলিতা, নডেল বিষয়া কিশোৰ বৈশ্য, পশুপালন বিভাগৰ উজনি অসমৰ যুটীয়া সঞ্চালক প্ৰশান্ত বৰুৱা, শিৱসাগৰ জিলা পশুপালন বিষয়া অক্ষ্যয়বট কেশৰী,পাম পৰিচালক ডা: শান্তনু চাংমাই, প্ৰাক্তন পশুপালন বিষয়া ডা: খনীন্দ্ৰ দেৱগোস্বামীকে ধৰি জিলাখনৰ পশু চিকিৎসক সকল আৰু কুকুৰা পালনৰ লগত জড়িত পালকসকল উপস্থিত থাকে।

আশা কৰা হৈছে এই জিলা কুকুৰা পামখনে নতুন প্ৰতিশ্ৰুতিৰে কুকুৰা পালনৰ লগত জড়িত পালকসকলক সুলভ মূল্যত কুকুৰা পোৱালী যোগান ধৰি সাৱলম্বী হোৱাত সহায়ৰ হাত আগবঢ়াব।

লগতে পঢ়ক- বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰিলে ৰাজ্যৰ বানপানী সমস্যা সমাধান নহয়

English Summary: Duliajan Oil donates revived Shivsagar district chicken farm

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.