1. News

নৈপৰীয়াসকলৰ লগতে পাহাৰ দাঁতিকাষৰীয়া লোকসকলে ঘৰতে ১০ জনী উন্নত প্ৰজাতিৰ ছাগলী পোহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ঘৰতে ছাগলী পালন
ঘৰতে ছাগলী পালন

ছাগলী পালন এক লাভজনক ব্যৱসায়। অসমত ছাগলী পালনেৰে স্বাৱলম্বী তথা জীৱন-জীৱিকা গঢ়িব পাৰে খুব সহজতে। কাৰণ অসমত ধান খেতিৰ পাছতে পথাৰসমূহ খালি হৈ পৰে। গাহৰি পালন বা ব্ৰয়লা পালন কৰিলে দানা ক্ৰয়ৰ বাবে অধিক মূলধনৰ প্ৰয়োজন হয় কিন্তু এইক্ষেত্ৰত ছাগলী পালন ব্যতিক্ৰম। ছাগলীৰ পোৱালী কিনিতেই যি খৰচ হয় তাৰ পাছত বৰ বেছি খৰচ নহয়। ছাগলীৰ খাদ্যৰ বাবে অসমৰ পথাৰসমূহ গজা ঘাঁহ লগতে গ্ৰামাঞ্চলত সহজতে উপলব্ধ বিভিন্নধৰণৰ গছৰ পাত আদিয়েই যথেষ্ট। বাৰিষাৰ পাছতে অসমৰ পথাৰসমূহ খালি হৈ পৰে এই পথাৰবোৰত ছাগলীবোৰ চৰিবলৈ এৰি দিব পাৰি।

লগতে পঢ়ক- KITCHEN GARDEN ত বিলাহীৰ খেতি

অন্য পশুপালনতকৈ ছাগলী পালনৰ সুবিধাসমূহ

১) ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয়৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷

২) সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি৷

৩) হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে৷

 

৪) ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয়৷

৫) মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয়৷

৬) ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম৷

অসমৰ জলবায়ুৰ লগত খাপখোৱা কেইবিধমান উন্নতজাতৰ ছাগলী-

অসমৰ থলুৱা জাত:  অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয়৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায়৷

বিটাল (Beetal): পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে৷ বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয়৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে৷

বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায়৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয়৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয়৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিয়াৰ ক্ষমতা থাকে।

যমুনাপাৰী  (Jamunapari):  ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায়৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলী বোৰ মুকলিকৈ চৰি-ফুৰি সোনকালে ডাঙৰ হয়৷ 

বৰ্ণসঙ্কৰ ছাগলী  (Crossbred Goats):  কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয়৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি৷

লগতে পঢ়ক- বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰিলে ৰাজ্যৰ বানপানী সমস্যা সমাধান নহয়

English Summary: Goat Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.