-
-
Zero Tillage : হাজোত মাটি নচহোৱাকৈ আলু ৰোপন কৃষকৰ
হাজোত মাটি নচহোৱাকৈ আলু খেতি। হাজোৰ ব্লকৰ অধীনত APART আৰু CIP ৰ সহযোগত অঞ্চলটোৰ কৃষকসকলে আৰম্ভ কৰিছে এই খেতি।
ধান চপোৱাৰ পাছতে হাল নোবোৱাকৈ কেৱল নৰাবিলাক কাটি ৰোপন কৰিছে আলু। ছবিত আপোনালোকে দেখিবলৈ পোৱাৰ দৰেই ৰোপন কৰিছে আলু ।
লগতে পঢ়ক-
অসমৰ কৃষকসকলেও ধান কটাৰ পাছতে উদং হৈ পৰা পথাৰসমূহ এই দৰে আলু খেতি কৰিব পাৰিব বুলি জানিবলৈ দিয়ে APART ৰ বিষয়ববীয়াসকলে।
উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় আলু কেন্দ্ৰ আৰু অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পই অসমত প্ৰথমবাৰৰ এনেদৰে মাটি নচহোৱাকৈ আলু খেতি আৰম্ভ কৰিছে। পৰীক্ষামূলকভাৱেহে হাজোত আৰম্ভ কৰা হৈছে এই আলু খেতি। যদি প্ৰতিষ্ঠান দুটাই এইদৰে খেতি কৰি সুফল লাভ কৰিবলৈ সক্ষম হয় তেতিয়া অনাগত দিনত অসমৰ কৃষিখণ্ডলৈ আহিব এক বিৰাট পৰিৱৰ্তন।
লগতে পঢ়ক-
English Summary: What is Zero Tillage !
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments