1. এগ্ৰিপেডিয়া

Spinach : পলিহাউচৰ ভিতৰত কৰক এই জাতসমূহৰ পালেং

PANKAJ KHANIKAR
PANKAJ KHANIKAR
৪০ দিনতে বিক্ৰিব পাৰিব এই জাতসমূহৰ পালেং
৪০ দিনতে বিক্ৰিব পাৰিব এই জাতসমূহৰ পালেং

পালেং শাকৰ খেতি অসমৰ গ্ৰামাঞ্চলৰ অধিকাংশ লোকেই লাই-মূলাৰ লগত কৰে। কিন্তু ব্যৱসায়িকভাৱে এই খেতি কৰি যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। কাৰণ বজাৰত পালেং শাকৰ চাহিদা বহুত বেছি লগতে দামো। এই খেতি বছৰৰ প্ৰতিটো সময়তে কৰিব পাৰি। পলিহাউচ বা গ্ৰীণ হাউচত এই খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হৈছে। কাৰণ পালেং খেতিত বৰ বেছি খৰচ নহয় কম দিনতে পুৰঠ হয় ৪০ দিনতে বজাৰলৈ উলিয়াই দিব পৰা হয়।

যিকোনো খেতিৰ বাবে উন্নত জাতৰ বীজৰ খেতি কৰাতো অত্যন্ত গুৰুত্বপূৰ্ণ। চৰকাৰীভাৱে স্বীকৃত প্ৰতিষ্ঠানৰ দ্বাৰা নিৰ্বাচন কৰা শস্যৰ বীজৰ খেতি কৰিলে কৃষকসকলৰ উপাৰ্জন ভাল হয়। কিন্তু আমাৰ অধিকাংশ কৃষকেই শস্যৰ জাতক বৰ বেছি কথা চিন্তা নকৰে। বজাৰত উপলব্ধ শস্যৰ বীজৰে খেতি কৰে। অসমৰ জলবায়ু আৰু মাটিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে পালেঙৰ কেইবিধমান বীজক স্বীকৃতি দিছে। সেইকেইটা হ’ল-

অ’ল্ড গ্ৰীন : 

৪০ দিনত পূৰঠ হয়। এই জাতটো গোটেই বছৰ সিঁচি থাকিব পাৰি৷

পুচা জ্যোতি :

এই জাতৰ পালেঙো ৪০ দিনত পূৰঠ হয়। এই বিধ পালেং স্বাস্থ্যৰ বাবে অতি উপযোগী।

লগতে পঢ়ক-

মেহগণি গছ ৰোপনৰ লাভালাভবোৰ জানেনে! সৱিশেষ জানিবলৈ এতিয়াই ফোন কৰক

 

পালেং খেতি
পালেং খেতি

মাটি

পানী জমা নোহোৱা ওখ বালিচহীয়া মাটি পালেং খেতিৰ বাবে উপযোগী।

মাটি প্ৰস্তুতি

মাটি ডোখৰ ভালদৰে চহাব লাগে। প্ৰয়োজন অনুসৰি জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব।

খেতিৰ সময়- ছেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি ৷

বীজ শোধন :

বীজ সিঁচাৰ পূৰ্বে কৃষকগৰাকীয়ে কেপ্টান ৫০ ডব্লিও পি ঔষধেৰে বীজবোৰ ধুই ল’ব। কাৰণ যাতে বীজবোৰ পোক-পৰুৱা আৰু অনুজীৱই আক্ৰমণ কৰিব নোৱাৰে।

ব্যৱধান :

বীজবোৰ ২০ চে:মিটাৰ দূৰত্বৰ শাৰীত সিঁচিব লাগে ৷ বীজবোৰ অঙ্কুৰিত হোৱাৰ ১০-১২ দিনৰ পিছত গছৰ পৰা গছৰ মাজত ৫-৭ চে:মিটাৰ দূৰত্ব ৰাখি পাতলাই দিব লাগে ৷

সাৰ প্ৰয়োগ :

হেক্টৰে প্ৰতি ২০ টন পামজাত সাৰ, ৮০ কি:গ্ৰাম নাইট্ৰোজেন, ৬০ কি:গ্ৰাম ফছফৰাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷

পৰিচৰ্য্যা

জলসিঞ্চন :   বীজ সিঁচাৰ পাছতে প্ৰথমবাৰ আৰু পিছত ১০-১২ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷
অপতৃণ নিয়ন্ত্ৰণ : বনবাতবোৰ খেতিডৰাত ওলোৱাৰ ২০ দিন মানৰ ভিতৰত নিৰাই দিব লাগে ৷

শস্য ৰক্ষা :

পাতত দাগ পৰা বেমাৰৰ বাবে বেমাৰ হোৱাৰ আগতেই ব্যৱস্হা ল’ব লাগে ৷

উৎপাদন :

সেউজীয়া পালেং পাতৰ উৎপাদন প্ৰতি হেক্টৰত ৩০-১০০ কুইন্টললৈ পাব পাৰি ৷

লগতে পঢ়ক- 

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

English Summary: PALENG CULTIVAION IN ASSAM

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.