-
-
মাজুলিৰ থলুৱা উৎপাদকৰ স্বাভিমান ‘আমাৰ মাজুলী আয়ুস’ মিঠাতেল
জৈৱিক খেতিৰ ক্ষেত্ৰত মাজুলীয়ে কৃষিখণ্ডত দৃষ্টান্ত দাঙি ধৰি আহিছে। মাজুলীৰ কৃষকসকলৰদ্বাৰা উৎপাদিত কৃষিজাত সা-সামগ্ৰীয়ে দেশ-বিদেশৰ বজাৰতো স্থিতি সুদৃঢ় কৰিছে।
বুধবাৰে মাজুলী হৈ লখিমপুৰলৈ কৰা যাত্ৰাৰ সময়ত কমলাবাৰী ঘাটত মাজুলীৰ জিলা উপায়ুক্ত পুলক মহন্তই কৃষিমন্ত্ৰীগৰাকীক মাজুলীৰ থলুৱা সৰিয়হৰ তেল 'আমাৰ মাজুলী- আয়ুস' প্ৰদান কৰে।
লগতে পঢ়ক-
এই সন্দৰ্ভত কৃষিমন্ত্ৰীগৰাকীয়ে কয়- 'আমাৰ মাজুলী- আয়ুস' মিঠাতেল নদীদ্বীপটোৰ থলুৱা উৎপাদকৰ কষ্ট আৰু আৱেগজড়িত স্বাভিমানৰ চানেকি। আমি আশা কৰোঁ, নিভাঁজ তেলৰ এই প্ৰডাক্টে উপভোক্তাৰ অধিক সঁহাৰি লাভ কৰিব।
উল্লেখ্য যে ইতিমধ্যে ৰঙা চাউলে ইতিমধ্যে বিশ্বৰ বিভিন্নপ্ৰান্তৰ লোকে আদৰি লৈছে। একেদৰে জৈৱিক আৰু থলুৱাভাৱে উতপাদিত মাজুলিৰ 'আমাৰ মাজুলী- আয়ুস' তেলেও ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লোকৰ সহাঁৰি লাভ কৰিছে। আৰু কোনো গ্ৰাহকে যদি 'আমাৰ মাজুলী- আয়ুস' মিঠাতেল ক্ৰয় কৰিব বিচাৰে তেওঁলোকৰ ফেচবুক পেজ 'আমাৰ মাজুলী- আয়ুস'ত গৈ যোগাযোগ কৰিব পাৰিব।
লগতে পঢ়ক-
English Summary: Indigenous Mustard oil industry
কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক
প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।
প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।
Donate now
Share your comments