দুবছৰ পূৰ্বে অৰ্থাত ২০২০ চনৰ নবেম্বৰৰ পৰা ২০২১ চনৰ ছেপ্তেম্বৰলৈ দিল্লীৰ ৰাজপথত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা তিনি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল দেশৰ ৪০ হাজাৰ কৃষকে। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল দেশৰ বহুকেইটা কৃষক সংগঠনৰ একত্ৰিত মঞ্চ ইউনাইটেড কিষাণ মৰ্চাই। প্ৰায় এবছৰ দিন চলা এই আন্দোলনত প্ৰায় ৭০০ কৃষকৰ মৃত্যু হৈছিল। ২০২১ চনৰ ১৯ অক্টোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিবাদী কৃষকসকলৰ ওচৰত ক্ষমা খুজি ৩ কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰে। পৰৱৰ্তী সময়ত সংসদত ৩ কৃষি আইন বাতিল হয় যদিও কৃষকসকলে প্ৰতিবাদ অব্যাহতই ৰাখিছিল। আন্দোলনত জড়িত কৃষকৰ ওপৰত যিসমূহ গোচৰ ৰুজু কৰা হৈছে সেই গোচৰ প্ৰত্যাহাৰ কৰা, এম এছ পিৰ নিশ্চয়তা আৰু এম এছ পি বিষয়ত সিদ্ধান্ত লবলৈ যি কমিটী গঠন কৰিছে সেই কমিটীত ইউনাইটেড কিষাণ মৰ্চাৰ ৫ জন সদস্য ৰখা, আন্দোলনত যিসকল কৃষকৰ মৃত্যু হৈছিল বা যিসকল কৃষকৰ ক্ষতি হৈছিল সেই কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছিল কৃষকসকলে। কৃষকসকলৰ এই সেই দাবীসমূহো মানি লোৱাৰ প্ৰতিশ্ৰুতি দিলে কেন্দ্ৰীয় চৰকাৰে।
তেনেস্থলত ২ বছৰৰ পাছত আকৌ ৰাজপথত কিয় নামি পৰিছে কৃষক! পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ সেই একেই হাজাৰ হাজাৰ কৃষকে দিল্লী অভিমুখে পদযাত্ৰা কৰিছে কিয়! এই প্ৰশ্নৰো উত্তৰ দিম আজি ভিডিঅটোত।
দুবছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৩ কৃষি বাতিল কৰাৰ লগতে কেতবোৰ প্ৰতিশ্ৰুতি দিছিল কৃষকক। এম এছ পিৰ ওপৰত নিশ্চয়তা, আন্দোলনত জড়িত কৃষকৰ ওপৰত যিসমূহ গোচৰ ৰুজু কৰা হৈছে সেই গোচৰ প্ৰত্যাহাৰ কৰা, আন্দোলনত যিসকল কৃষকৰ মৃত্যু হৈছিল বা যিসকল কৃষকৰ ক্ষতি হৈছিল সেই কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু এতিয়া কৃষকসকলে কয় যে চৰকাৰে এম এছ পি সন্দৰ্ভত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। আৰু তাৰ প্ৰতিবাদতেই পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ লাখ লাখ কৃষকে দিল্লী অভিমুখে পদযাত্ৰা কৰিছে বুলি চৰ্চা চলিছে।
অৱশ্যে কালিৰে পৰা আৰম্ভ হোৱা প্ৰতিবাদৰ প্ৰধান দাবী এম এছ পি। পিছে এই এম এছ পি কি! প্ৰধান বিষয়টোলৈ যোৱাৰ আগতে কৃষকসকলে দাবী কৰি থকা এম এছ পি নো কি সন্দৰ্ভত দুটামান কথা জানো আহঁক।
ইংৰাজীৰ মিনিমাম চাৰ্পট প্ৰাইজ শব্দ সমষ্টিটোক চমুকৈ কোৱা এম এছ পি। অসমীয়াত ইয়াক কোৱা হয় ন্যূনতম সমৰ্থন মূল্য। চৰকাৰে কৃষকৰ পৰা যি হাৰত শস্য ক্ৰয় কৰে সেয়াই হৈছে এম এছ পি। কৃষকৰ উৎপাদন ব্যয়তকৈ কমেও ডেৰগুণ বেছি। কেন্দ্ৰীয় চৰকাৰে শস্যৰ নূন্যতম মূল্য নিৰ্ধাৰণ কৰে। বজাৰত যিমানেই দাম নহওক কিয়, খেতিয়কে এম এছ পিৰ অধীনত নিজৰ শস্যৰ নিৰ্দিষ্ট মূল্য পায়। অধিক সহজ ভাষাত ক’বলৈ গ’লে ধৰি লওক এটা শস্যৰ MSP ২০ টকাত নিৰ্ধাৰণ কৰা হৈছে, আৰু সেই শস্য বজাৰত ১৫ টকাত বিক্ৰী কৰা হৈছে, তেতিয়াও চৰকাৰে সেই শস্য কৃষকৰ পৰা মাত্ৰ ২০ টকাত কিনিব। কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে ১৯৬৬-৬৭ চনত এম এছ পি প্ৰৱৰ্তন কৰে। ৬০ৰ দশকত চৰকাৰে প্ৰথমে ঘেঁহুৰ ওপৰত এম এছ পি প্ৰৱৰ্তন কৰিছিল যাতে কৃষকৰ পৰা ঘেঁহু ক্ৰয় কৰি নিজৰ পি ডি এছ আঁচনিৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ মাজত বিতৰণ কৰিব পাৰে। বৰ্তমান মুঠ ২৩ টা শস্যৰ ওপৰত এম এছ পি বা নূন্যতম সহায়ক মূল্য দিয়া হৈছে। ইয়াৰ ভিতৰত আছে ১৪টা খাৰিফ শস্য, ৬টা ৰবি শস্য আৰু আন দুটা ব্যৱসায়িক শস্য। কেন্দ্ৰীয় চৰকাৰে এম এছ পিৰ সিদ্ধান্ত ল’লেও দেশৰ সকলো কৃষকে ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ২০১৪ চনত গঠন হোৱা শান্ত কুমাৰ কমিটীৰ তথ্য অনুসৰি দেশৰ মাত্ৰ ৬ শতাংশ কৃষকেহে এম এছ পিৰ সুবিধা লাভ কৰিছে। ইয়াৰ বাহিৰেও বিহাৰৰ দৰে বহু ৰাজ্যত এম এছ পি ব্যৱস্থা ৰূপায়ণ হোৱা নাই।
আমি পুনৰ ঘূৰি আহিছো মূল বিষয়টোলৈ,...
এইবাৰ কৃষক আন্দোলনৰ মূল বিষয় এম এছ পি অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য। কৃষকসকলে দাবী জনাইছে যে নূন্যতম সমৰ্থন মূল্য নিশ্চিত কৰা হওক আৰু সকলো শস্যক এম এছ পিৰ পৰিসৰৰ অধীনলৈ অনা হওক। ইয়াৰ বাহিৰেও নূন্যতম সমৰ্থন মূল্যতকৈ কম মূল্যত শস্য ক্ৰয় কৰাটো অপৰাধ বুলি ঘোষণা কৰিব লাগে। এই সন্দৰ্ভত আন্দোলনৰ পূৰ্বে কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে লগত আলোচনাত বহিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ প্ৰস্তাৱক গ্ৰহণ কৰা নাছিল। ফলত দেশৰ বিশেষকৈ পাঞ্জাৱ-হাৰিয়ানা, উত্তৰ-প্ৰদেশৰ কৃষকসকলে ৰাজধানী দিল্লী অভিমুখে ৰাওনা হৈছে।
উল্লেখ্য যে ২০২০-২১ বৰ্যৰ কৃষক আন্দোলনৰ নেতৃত্বত ৰাকেশ টিকৈত আৰু গুৰনাম সিং চাদুনীৰ এইবাৰ আন্দোলনত নাই। ইয়াৰ পৰিৱৰ্তে পঞ্জাৱৰ কৃষক নেতা জগজিৎ সিং দলেৱাল আৰু সৰৱান সিং পাণ্ডেৰে এই আন্দোলনৰ নেতৃত্ব লৈছে।
লগতে পঢ়ক-