Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 9 December, 2022 4:00 PM IST
Watermelon farming

তৰমুজৰ বাবে পানী জমা নোহোৱা ওখ, বালিয়া, পলসুৱা, সাৰুৱা মাটিৰ প্রয়োজন হয়। এই বাবেই নদীৰ পাৰৰ পলসুৱা মাটিত আৰু নদীৰ বুকুৰ ওখ চাপৰি অঞ্চলত তৰমুজৰ খেতি কৰিবলৈ বেছি ভাল। নদী অঞ্চলৰ চাপৰি ঠাইবিলাকত বা নদীৰ পাৰৰ অঞ্চলৰ যিবিলাকত পিয়াজ-নহৰু আদিৰ খেতি কৰে। এই খেতিবিলাকৰ মাজে মাজে মাঘ মাহত তৰমুজৰ বীজ ৰোপণ কৰি থ’ব লাগে। ফাগুন-চ'ত মাহত তৰমুজৰ গছ পিয়ায়-নহৰু উঠাই অনাৰ পাছত তৰমুজৰ গছ লহপহকৈ বাঢ়ি আহিব। যিবিলাক অঞ্চলত আলু, ৰঙালাউৰ খেতি কৰা হয়।

তেনেবোৰ অঞ্চলতো তৰমুজৰ খেতি কৰা হয়। তৰমুজৰ বীজ ৰোপণ কৰাৰ সময় হৈছে মাঘ মাহৰ পৰা চ’ত মাহলৈ। তৰমুজৰ খেতিৰ বাবে উন্নত মানৰ সঁচবোৰ হৈছে ছুগাৰ বেবী, পুচা বেদনা, নিউ হেমপ চায়াৰ, মিদগেট, আচী ঘামাতো, ফেজাবাদী আদি। খৰবুজৰ সঁচবোৰ হৈছে পুচা বৰৱতী, হৰা মধু, দুর্গাপুৰমধু, পঞ্জাব চুনহেৰী, অৰ্কা ৰাজহংস, অৰ্কা জীত ইত্যাদি। তৰমুজ খেতিৰ বাবে বিঘাই প্রতি ৭০০ গ্ৰামৰ পৰা ৯০০ গ্রাম বীজৰ প্রয়োজন হয়। বীজ সিঁচাৰ আগতে এৰাতি বীজবোৰ চেঁচা পানীত তিয়াই ল’ব পাৰিলে বীজৰ অংকুৰণ ভাল আৰু সোনকালে হয়।

লগতে পঢ়ক- 

কৃষকসকলে একগুলিত দুই চিকাৰ কৰক আলুৰ লগত ৰঙালাও খেতি কৰি

Watermelon

তৰমুজৰ বাবে প্রয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্রতি ৩ টন গোবৰ, ১৬ কি: গ্রাম ইউৰিয়া, ৩৫ কিল’গ্রাম একক ছুপাৰ ফছফেট আৰু ১০ কি: গ্রাম মিউৰেট অব পটাছ সাৰ। এই সকলোখিনি সাৰ পোৱাৰ বাবে কোৰ মাৰিবৰ সময়ত সমভাবে মাটিত প্রয়োগ কৰি ল’ব। নদীৰ চাপৰি মাটি বা নদীৰ পাৰৰ বালিয়া পলসুৱা মাটি য'ত পলস পৰি মাটি যথেষ্ট সাৰুৱা হৈ থাকে তেনে মাটিত তৰবুজ খেতিৰ বাবে গোবৰ বা কেঁচু সাৰ যথেষ্ট পৰিমাণে প্রয়োগ কৰি খেতি কৰিব পাৰি। যদি নদীৰ পাৰৰ মাটি নহয় তেন্তে মাটিৰ সাৰুৱা গুণটোৰ ওপৰত নিৰ্ভৰ কৰি সাৰৰ পৰিমাণ কমাই ল’ব পাৰি। সাধাৰণতে মাটি বাছনি কৰি পাঁচ-সাত ফুটৰ দূৰত্বত একোটা গাঁত কৰি (এফুট দ, এফুট বহল এ আৰ এফুট দীঘল) তাত গোবৰ বা কেঁচুসাৰ বা ৰাসায়নিক সাৰ প্রয়োগ কৰি মাটিৰে সৈতে মিহলাই ৫/৬ দিনৰ পাছত প্রতি গাঁতত দুই তিনিটাকৈ বীজ দিব লাগে। গোবৰ বা কেঁচুসাৰ অকলে প্রয়োগ কৰিলে প্রয়োগ কৰাৰ দুদিনৰ পাছতে বীজ ৰোপণ কৰিব পাৰি।

Watermelon in farm

তৰমুজ যদিও লতাজাতীয় উদ্ভিদ তথাপি এই গছবোৰ মাটিতহে বগাবলৈ দিয়া হয়। ইয়াৰ বাবে মাটিৰ চাৰিওফালে নৰা বা খেৰ পৰি দিব লাগে। গছজোপাৰ আগবোৰ দূৰলৈ বগাই নেযাবৰ বাবে আগবোৰ সময়ে সময়ে গছজোপাৰ চাৰিওফালে ঘূৰাই থাকিব লাগে। পুলি গজি উঠাৰ পাছত ২/৩ পতিয়া হোৱা অৱস্থাত মাটিত থকা শুঁৰ পোকে পুলিটো কাটি দিয়ে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বীজ ৰোপণ কৰাৰ আগতে প্ৰতিটো গাঁতত মালাথিয়নৰ গুৰি প্রয়োগ কৰি ল’ব লাগে। তৰমুজৰ ফলটো কলি অৱস্থাত বৰল পোকে আক্রমণ কৰে। এই পোকৰ পৰা ৰক্ষা কৰিবৰ বাবে মালাথিয়ন ৫০ ইচি, দৰব ৩০ টোপাল এক লিটাৰ পানীত মিহলাই গছত ছটিয়াব লাগে। শস্যৰ মাজত পুৱা-আবেলি ধোঁৱা দিয়াৰ ব্যবস্থা কৰিব লাগে। অন্য উপায় হিচাপে ফে’ৰমেন ট্ৰেপ ব্যৱহাৰ কৰি বৰল পোক নিবাৰণ কৰিব পাৰি।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস,

উতস : কৃষক বন্ধু ফেচবুক পোষ্ট, দৈনিক জনমভূমি,

লগতে পঢ়ক- 

Wheat farming : মাজুলিৰ জেংৰাইমুখত ১০ মাটিত ঘেঁহু খেতি

English Summary: Watermelon farming
Published on: 09 December 2022, 03:52 IST