1. News

Wheat farming : মাজুলিৰ জেংৰাইমুখত ১০ বিঘা মাটিত ঘেঁহু খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
wheat cultivation in Jengraimukh, Majuli
wheat cultivation in Jengraimukh, Majuli

ধান খেতি চপোৱাৰ পাছতেই অসমৰ কৃষকসকলে কৰিব পৰা এবিধ খেতি ঘেঁহু। ধান খেতিৰ দৰে ঘেঁহুৰ খেতি কৰিও অসমৰ কৃষকসকল স্বাৱলম্বী হ’ব পাৰে। অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, জলসিঞ্চনৰ সুবিধা আৰু অন্যান্য কাৰিকৰী কৌশল অৱলম্বনৰ জৰিয়তে অসমৰ ঘেঁহু খেতি কৰা কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু উৎপাদন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে। আজিৰ পৰা তিনিটা দশক আগেয়ে তুলনামূলকভাৱে নতুন শস্য হিচাপে অসমত আত্মপ্ৰকাশ কৰা ঘেঁহু খেতিয়ে সম্প্ৰতি ৰাজ্যখনত জনপ্ৰিয়তা লাভ কৰা পৰিলক্ষিত হৈছে।

অসমত ঘেঁহু খেতিৰ উপযুক্ত সময় নৱেম্বৰ প্ৰথমভাগৰ পৰা ডিচেম্বৰৰ শেষ ভাগলৈ। অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দ্ধাৰণ কৰা সময় অনুসৰি ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মধ্যমণ্ডল আৰু নামনি মণ্ডলত ৫ নবেম্বৰৰ পৰা ১৫ ডিচেম্বৰ পৰ্য্যন্ত, ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনিমণ্ডল আৰু পাৰ্বত্য অঞ্চলত ৫ নবেম্বৰৰ ৩০ নবেম্বৰ পৰ্য্যন্ত আৰু উত্তৰ সমভূমি অঞ্চলত ৫ নবেম্বৰৰ পৰা ২০ নবেম্বৰ পৰ্য্যন্ত বীজ সিঁচাৰ সময় ধাৰ্য্য কৰা হৈছে। শদিয়া মহকুমাৰ বাবে অক্টোবৰ মাহৰ মাজভাগত ঘেঁহুৰ ‘সোনালিকা’ নামৰ জাতবিধ সিঁচাৰ উপযুক্ত সময়।

লগতে পঢ়ক- 

ভোট জলকীয়াৰ কৃষি পদ্ধতি আৰু ব্যৱসায়িক দিশসমূহ

শেহতীয়াকৈ ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে মাজুলীৰ জেংৰাইমুখতো কৃষকসকলে আৰম্ভ কৰিছে ঘেঁহুৰ খেতি। বুধবাৰে জেংৰাইমুখ কৃষি চক্ৰৰ অধীনৰ পলুঙানি গাঁৱত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীন (RKVY) ত প্ৰায় ১০ বিঘা কৃষিভূমিত ঘেঁহুৰ বীজ সিঁচে অঞ্চলটোৰ কৃষক ৰাইজে।

মাজুলিৰ জেংৰাইমুখত ঘেঁহুৰ খেতি
মাজুলিৰ জেংৰাইমুখত ঘেঁহুৰ খেতি

মাটি প্ৰস্তুতি:

প্ৰচুৰ পৰিমাণে জৈৱ সাৰ থকা বালিচহীয়া পলসুৱা মাটি ঘেঁহু খেতিৰ বাবে উপযুক্ত। আলতীয়া মাটিত ঘেঁহু খেতি কৰা উচিত নহয়। ঘেঁহু খেতিৰ বাবে প্ৰস্তুত কৰা মাটিডৰা ভালদৰে হালবাই মিহি কৰি লোৱা প্ৰয়োজন। মাটিৰ চপৰাবোৰ ভালদৰে লুটিয়াই হালবোৱা উচিত আৰু মাটিত যাতে কোনো ধৰণৰ ডাংৰ চপৰা বা আগতে কৰা খেতিৰ মূঢ়া বা বনবাত আদি ৰৈ নাযায় তাৰ প্ৰতি নজৰ দিব লাগে। বীজ সিঁচাৰ এমাহ আগেয়ে প্ৰথমবাৰ হালবোৱা ভাল। মাটিডৰা ৪-৫ বাৰ হালবাই মৈয়াই সমান কৰি ল’ব লাগে।

লগতে পঢ়ক- 

কৃষকসকলে একগুলিত দুই চিকাৰ কৰক আলুৰ লগত ৰঙালাও খেতি কৰি

English Summary: wheat cultivation in Jengraimukh, Majuli

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.