1. অন্যান্য

Assam spine : কৰ্ণাটক চৰকাৰৰ উদ্যোগত অসমৰ ভাতকেৰেলা খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Assam gourd hits a sweet spot in Karnataka
Assam gourd hits a sweet spot in Karnataka

কেৱল কৰ্ণাটকতে নহয় দক্ষিণৰ ভাৰতৰ বহুকেইখন ৰাজ্যত অসমৰ ভাত কেৰেলাই জনপ্ৰিয়তা অৰ্জন কৰিছে। কৰ্ণাটকত স্থানীয়ভাৱে Momordica dioica নামৰ ভাত কেৰেলা বিধ আছে যদিও অসমৰ ভাত কেৰেলাই ৰাজ্যখনৰ কৃষকৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছে।  শেহতীয়াকৈ কৰ্ণাটকৰ বহুকেইখন জিলাত ভাত কেৰেলাৰ খেতি কৰিবলৈ লৈছে।

প্ৰথম অৱস্থাত ঘৰৰ বাবে সম্প্ৰতি বহু কৃষকে ব্যৱসায়ভিত্তিত আৰম্ভ কৰিছে ভাত কেৰেলাৰ খেতি। কৰ্ণাটকৰ কংকানী বিশেষকৈ গৌড়া সৰস্বত ব্ৰাহ্মণৰ মাজত ভাত কেৰেলা অতি জনপ্ৰিয় আৰু প্ৰতি কেজিত ১০০ টকা পৰ্যন্ত বিক্ৰী হয় বজাৰত। ইফালে, কৰ্ণাটক মহানগৰীৰ হোটেল অযোধ্যাই ‘পাগিলা ফ্ৰাই’ নামৰ স্পাইন গাউৰ্ডৰ ডিপ ফ্ৰাইড ডিচ তৈয়াৰ কৰে ভাত কেৰেলাৰ পৰা যিটো খাদ্যৰসিকৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে।

লগতে পঢ়ক- 

দুটা সন্তান চম্ভালিও দৈনিক হাজাৰ টকা উপাৰ্জন, ১৪ জন নিৱনুৱাক সংস্থাপন

কৰ্ণাটকত অসমৰ ভাত কেৰেলা
কৰ্ণাটকত অসমৰ ভাত কেৰেলা

ভাত কেৰেলা সন্দৰ্ভত কৰ্ণাটক উদ্যান বিভাগৰ মুৰব্বী বিষয়া Dr Lachumikanthan Bharathiয়ে এতিয়া অসমীয়া জাতটো ব্যৱসায়িকভাৱে খেতি কৰাৰ অভিযান আৰম্ভ কৰিছে। আগ্ৰহী কৃষকৰ মাজত বিতৰণৰ বাবে পাঁচ হাজাৰ উদ্ভিদ উৎপাদন কৰা হৈছে। তেওঁ কয়- চাহিদা আৰু দাম বেছি হ’লেও ব্যৱসায়িকভাৱে খেতি কৰাৰ কথা কোনেও ভবা নাছিল। আমি এই বছৰৰ পৰা ইয়াৰ বাণিজ্যিক খেতিৰ বাবে প্ৰচাৰ চলোৱাৰ মনস্থ কৰিছো।

অসমৰ ভাতকেৰেলাৰ গুণ প্ৰশংসা কৰি ড০ ভাৰতীয়ে কয় যে ই স্থানীয় বনৰীয়া ভাত কেৰেলাতকৈ বহু উচ্চ। কৰ্ণাটকৰ স্থানীয় জাতটোৰ ওজন মাত্ৰ ৩০ৰ পৰা ৪০ গ্ৰাম আনহাতে অসমৰ এটা ভাতকেৰেলাৰ ওজন প্ৰায় ১০০ গ্ৰাম। স্থানীয় জাতটোৰ মাটিৰ তলৰ কন্দ জুন মাহত বাৰিষা আৰম্ভ হোৱাৰ পিছতহে গজালি মেলে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ইয়াৰ শস্য উৎপাদন হয়। কিন্তু জানুৱাৰী বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমীয়া জাতটোৰ কন্দ গজালি মেলে। ইয়াক ছমাহ, এপ্ৰিলৰ পৰা আগষ্টলৈকে চপাব পাৰি। উদ্ভিদৰ বংশবৃদ্ধিও সহজ। কটা কন্দৰ পৰা বা মাতৃ কন্দৰ চাৰিওফালে গজা সৰু সৰু কন্দৰ পৰা পুলি উৎপন্ন কৰিব পাৰি। তেওঁ লগতে কয় যে বিগত বৰ্ষত চৰকাৰৰ সহযোগত এজন কৃষকে ভাত কেৰেলাৰ খেতি কৰিছিল আধা বিঘা মাটিত। পঞ্চাছ টকা কেজিকৈ প্ৰতিকেজিত বিক্ৰি কৰি ৫০ হাজাৰ টকা উপাৰ্জন কৰে। কৃষকজনে জানিবলৈ দিয়া মতে, বজাৰ গৈ নাপাওঁতেই বেপাৰীয়ে তেওঁৰ পৰা ক্ৰয় কৰে এই ভাত কেৰেলাসমূহ।

লগতে পঢ়ক- 

কৃষিলৈ মন মেলাৰ পূৰ্বে এই ৫ টা সম্পদ আপোনাৰ হাতত আছে নাই থিক কৰক

English Summary: Assam gourd hits a sweet spot in Karnataka

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.