
সম্প্ৰতি অসমত ঠাই বিশেষে জনপ্ৰিয় হৈ উঠা এবিধ ধান খেতি হ’ল বৰো ধানৰ খেতি। এই খেতিৰে কৃষকসকলে সফলতা লাভ কৰাৰ পাছতে চৰকাৰেও কৃষকসকলক বৰোধানৰ খেতিৰ বাবে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে বিগত দিনত আৰু বৰ্তমানেও।
এই ধানৰ খেতি পানী জমা হোৱা দ-ঠাইত কৰা হয়। এই খেতি শীতকালত কৰা হয়। পুহমাহৰ শেষত বা মাঘমাহৰ আৰম্ভণিতে বীজ সিঁচি মাঘমাহৰ শেষত বা ফাগুণ মাহত ধান ৰুই বহাগ মাহৰ শেষত বা জেঠ মাহত ধান কটা হয়। বাৰিষা পানীৰ বাবে শালি ধানৰ খেতি কৰিব নোৱৰা অঞ্চলৰ কৃষকসকলে শালি ধানৰ বিকল্প খেতি হিচাপে শীতকালত এই খেতি কৰি লাভান্বিত হ’ব পাৰে।
লগতে পঢ়ক-
মাৰ্চ-এপ্ৰিলত এবিঘা মাটিক কাঠ আলু খেতি কৰক

আহি আছে বৰোধানৰ খেতিৰ বতৰ। মাঘ মাহ সোমোৱাৰ পাচৰ পৰাই কৃষকসকলে কৃষকসকলে বৰোধানৰ খেতি কঠিয়া সিঁচা পৰ্ব আৰম্ভ কৰিব। সেই উদ্দেশ্যই মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনি (NFSM) ২০২২-২৩ ৰ অধিনত ৮০০ গৰাকী কৃষকক বৰোধানৰ উন্নত জাতৰ কঠিয়া প্ৰদান কৰে জিলাখনৰ কৃষি বিভাগে। কৃষকসকলৰ মাজত বিতৰণ কৰে উন্নতজাতৰ CR-309 আৰু Bina-17 বড়ো ধানৰ এই উন্নত জাত দুটা।


পৰম্পৰাগত শালিধানৰ খেতিতকৈ বড়োধানৰ খেতি কৰিলে অধিক উপাৰ্জন কৰিব পাৰে কৃষকসকলে। কিন্তু বহু কৃষকে চৰকাৰে দিয়া সঁচৰ বৰোধানৰ খেতি কৰি পতান লাভ কৰাৰো উদাহৰণ আছে। গতিকে চৰকাৰে দিয়া বীজসমূহৰ খেতি কৰাৰ পূৰ্বে কৃষকসকলে ফচল বীমা যো়জনাৰ অধীনত খেতি ডৰা বীমা কৰি ল’লে ভয় নাথাকে। ধান নহ’লেও অন্ততঃ ক্ষতিপূৰণ হিচাপে কৃষক এক কালীন সাহাৰ্য লাভ কৰিব।
লগতে পঢ়ক-
Share your comments