1. News

ভূটানৰ কমলাৰে ভৰিছে অসমৰ বজাৰ

KJ Staff
KJ Staff
Bhutan orange
Bhutan orange

শীতকালৰ লগে লগে ভূটানৰ ৰসাল কমলাৰে পুনৰ ভৰি পৰিছে সীমান্তৰ বজাৰ। ভূটানৰ ব্যৱসায়ী সকলে অসমৰ ব্যৱসায়ী সকলক পাইকাৰী দৰ অনুযায়ী কমলা যোগান ধৰাৰ পিছতে প্ৰতিদিনে গাড়ী ভৰ্তি কৰি এই সমূহ কমলা অসমৰ ভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰি আহিছে অসমৰ ব্যৱসায়ী সকলে।

ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ বজাৰত এতিয়া ৰসাল কমলা কিনিবলৈ ভিৰ কৰিছে বহু গ্ৰাহক আৰু ব্যৱসায়ীয়ে। মহামাৰী কৰোনাৰ বাবে ভূটানৰ প্ৰৱেশ দ্বাৰ দুবছৰৰো অধিক কাল বন্ধ হৈ থকাত এক প্ৰকাৰ বিপর্যয় নামি অহা সীমান্তৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানে বৰ্তমান পুনৰ ভূটানৰ প্ৰৱেশ পথ খুলি দিয়াত এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থান- হাৰিয়ানা, বাংলাদেশ আৰু অন্য বহু দেশলৈ পূৰ্বৰে পৰা ৰপ্তানি হৈ আহিছে ভূটানৰ এই কমলা টেঙা। আন্তঃৰাষ্ট্ৰীয় বজাৰত ভূটানৰ কমলাৰ আছে এক সুকীয়া স্থান।

পূৰ্বে অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে ভূটানৰ চান্দ্ৰুপ জংখাৰ পৰা নিজেই এই সমূহ কমলা টেঙা আনিছিল যদিও ক’ভিড পৰিস্থিতিৰ পাছত কেতবোৰ নীতি-নিৰ্দেশনা চলা দেশখনৰ লোক সকলে সীমান্তৰ বজাৰত অসমৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক দৰ অনুযায়ী যোগান ধৰি আহিছে কমলা।বিনিময়ত ভূটান চৰকাৰে লাভ কৰিছে বৃহৎ ৰাজহ।

লগতে পঢ়কঃ মাৰুৱা ধানৰপৰা প্ৰস্তুত কৰক ভোগালীৰ স্বাস্থ্যসন্মত খাদ্যসম্ভাৰ

English Summary: Bhutan orange selling well in Assam's market

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.