1. উদ্য়ানশস্য়

Kath Alu & Its Farming : মাৰ্চ-এপ্ৰিলত এবিঘা মাটিত কাঠ আলু খেতি কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Kath Alu & Its Farming system
Kath Alu & Its Farming system

এতিয়া কাঠ আলু খোৱা বতৰ। অসমীয়া মানুহে অতিজৰে পৰা মাঘবিহুত কাঠ আলু খায়। কাঠ আলু, মিৰি আলু ঠাণ্ডাদিনত জুইশালত বয়ল কৰি বা পুৰি খোৱা আনন্দ সুকীয়া। শীতকালৰ এই সময়ছোৱাত অসমীয়া মানুহৰ ঘৰত কাঠ আলুৰ লগতে আলুগুটি, মিৰি আলু থাকেই। তদুপৰি কাঠ আলুৰ লগত অসমীয়া মানুহৰ এটা আৱেগ জড়িত হৈ আছে।

কাঠআলুৰ খেতি অসমীয়া কৃষকে আজিলৈকে ব্যৱসায়িকভিত্তিত কৰা দৃষ্টি গোচৰ হোৱা নাই। ঘৰতে খাবলৈ দুই-এজোপা কাঠ আলুৰ খেতি কৰে। ঘৰত খাই শেষ কৰিব নোৱাৰিব বুলি ভাবিলেহে বজাৰত সেইবোৰ বিক্ৰি কৰে। কিন্তু কাঠ আলু খেতি কৰি কৃষকসকল যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। ইফালে কাঠ আলুৰ বাবে অসমৰ জলবায়ু কাঠ আলু খেতিৰ বাবে উপযোগী। সেয়েহে লাভজনকভাৱে অসমত কাঠ আলু খেতি কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

Kath Alu & Its Farming system
Kath Alu & Its Farming system

কাঠ আলু খেতিৰ বাবে পানী জমা নোহোৱা, ওখ, সাৰুৱা মাটি উপযোগী। কাঠ আলু ৰোৱাৰ আগতে আলু তলীৰ দৰে মাটিডৰা চহাব লাগে। কাঠ আলু ৰোৱাৰ বাবে ডেৰফুট বহল আৰু ডেৰফুট দ’কৈ একোটা গাঁত খান্দিব লাগে। গাঁতবোৰৰ মাজত ১ মিটাৰ ব্যৱধান ৰাখিব লাগে আৰু ১ কে. জি. পচন সাৰ মাটিৰ লগত মিহলাই গাঁতবোৰৰ তিনি চতুৰ্থাংশ ভৰাই পেলাব লাগে। কাঠ আলুৰ বীজ নাথাকে। ডাঙৰ আকাৰৰ কাঠ আলুবোৰ ২৫০-৩০০ গ্ৰাম ওজনকৈ মূৰবোৰ কাটি লোৱা উচিত। ৰোৱাৰ আগেয়ে টুকুৰাবোৰ গোবৰৰ লেপ দি ছাঁত শুকুৱাই ল’ব লাগে। কাঠ আলুৰ অধিক উৎপাদনক্ষম সঁচবোৰৰ ভিতৰত কুঁৱৰী আলু, দি এ – ৪৮, দি এ – ৪০ ইত্যাদিয়ে প্ৰধান।

লগতে পঢ়ক- 

Kaji Nemu : কাজি নেমু আৰু ইয়াৰ কৃষি পদ্ধতি

ৰোৱাৰ সময়ত আলুৰ চকুবোৰ ওপৰমুৱাকৈ থাকিব লাগে। ৰোৱাৰ সময় হৈছে মাৰ্চ-মে’ মাহ। ৰোৱাৰ বাবে ডেৰফুট বহল আৰু ডেৰফুট দ’কৈ একোটা গাঁত খান্দিব লাগে। গাঁতবোৰৰ মাজত ১ মিটাৰ ব্যৱধান ৰাখিব লাগে। গাঁতবোৰত ১ কে. জি. পচন সাৰ মাটিৰ লগত মিহলাই গাঁতবোৰৰ তিনি চতুৰ্থাংশ ভৰাই পেলাব লাগে। এতিয়া ৰোপণ সামগ্ৰীবোৰ মাটিৰ পৰা ২০-২৫ ছেণ্টিমিটাৰ তলত চকুবোৰ ওপৰমুৱাকৈ ৰাখি ৰুব লাগে। ওপৰ মুৱাকৈ ৰুৱা আলুবোৰত ৭-১৫ দিনৰ ভিতৰত এক বিঘা মাটিৰ বাবে ১০ কিল’গ্ৰাম ইউৰিয়া, ২৫ কিল’গ্ৰাম একক চুপাৰ ফছফেট আৰু ৮ কিল’গ্ৰাম মিউৰেট অৱ পটাচ সাৰৰ মিশ্ৰণ ঘটাই পুলিবোৰৰ গুৰিত প্ৰয়োগ কৰি লাগে আৰু ৪৫ দিনৰ পাছত একেই পৰিমাণৰ সাৰ পুলিবোৰৰ গুৰিত প্ৰয়োগ কৰিব লাগে। পুলি অকণমান ডাঙৰ হোৱাৰ পাছত ৰছীৰে পুলিবোৰ বাঁহ অথবা খুঁটাত আদিত বান্ধি দিব লাগে যাতে লতাজাতীয় কাঠ আলুৰ গছবোৰ বগাই যাবলৈ সুবিধা হয়। ৰোৱাৰ ৮-৯ মাহ পাছত অৰ্থাৎ ডিচেম্বৰ, জানুৱাৰী মাহত যেতিয়া গছবোৰ মৰহি শুকাই যাবলৈ ধৰে, সেই সময়তে আলুবোৰ খান্দিব পৰা হয়। প্ৰতি বিঘা মাটিৰ পৰা ২-৪ টন মান কাঠ আলু উৎপাদন হয়। ১ কেজিত ১০ টকাকৈ বেছিলেও আঢ়ৈ টন কাঠ আলুত কৃষকগৰাকীয়ে আঢ়ৈ লাখ উপাৰ্জন কৰিব পাৰিব ৯ মাহতে।

কাঠ আলু
কাঠ আলু

উল্লখ্য যে কাঠ আলু পূৰঠ হোৱাৰ সময়ত নতুবা শস্য চপোৱাৰ পাছত সংৰক্ষণ গৃহত কাঠ আলুবোৰত স্কেল নামৰ পোকবিধে আক্ৰমণ কৰা দেখা যায়। আক্ৰান্ত আলুবোৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব নালাগে। এই পোকিবধে আক্ৰমণ কৰা আলুবোৰ জমা কৰি ৰাখিব নালাগে। পোকবিধ নিয়ন্ত্ৰণৰ বাবে ৰোৱাৰ আগেয়ে আলুবোৰ নুভাক্ৰণ দৰৱ ২ মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই প্ৰস্তুত কৰা দ্ৰৱত দহ মিনিট সময় ডুবাই ৰাখিব লাগে।

 

( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে।  জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/

যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)

লগতে পঢ়ক- 

Small chili and its farming : এবাৰ লগাৰ পাছতে ৩-৪ বছৰলৈ ১২ মাহে লাগিব জলকীয়া

English Summary: Introduction to Kath Alu & Its Farming system

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.