1. News

বজালীত কৃত্ৰিম প্ৰজননৰদ্বাৰা জন্ম হোৱা গো-পোৱালিৰ প্ৰদৰ্শনী, উপস্থিত কৃষিমন্ত্ৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Calves Exhibition
Calves Exhibition

শনিবাৰে বজালীৰ নিত্যানন্দত এপাৰ্ট প্ৰকল্পৰ অধীনত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (WAMUL)-এ আয়োজন কৰে কৃত্ৰিম প্ৰজননৰদ্বাৰা জন্ম হোৱা গো-পোৱালিৰ এক প্ৰদৰ্শনী অনুষ্ঠান। প্ৰদৰ্শনীত কৃত্ৰিম প্ৰজননৰ জৰিয়তে জন্ম হোৱা গিৰ, সাহিৱাল, ৰেড সিন্ধী আদি থলুৱা উচ্চ জাত, হলেষ্টিয়ান ফ্রিজিয়ান/জাৰ্চিৰ বিদেশী জাত আৰু বৰ্ণসংকৰ জাতৰ গো-পোৱালি প্ৰদৰ্শন কৰে গো-পালকসকলে। প্ৰদৰ্শনী অনুষ্ঠানটোত কৃষিমন্ত্ৰী অতুল বৰাই উপস্থিত থাকি গোপালকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে।

কৃষিমন্ত্ৰীৰ গো-পোৱালিৰ প্ৰদৰ্শনী মেলা পৰিদৰ্শন
কৃষিমন্ত্ৰীৰ গো-পোৱালিৰ প্ৰদৰ্শনী মেলা পৰিদৰ্শন

গো-পোৱালিৰ প্ৰদৰ্শনী মেলাখন পৰিদৰ্শন কৰি কৃষিমন্ত্ৰীগৰাকীয়ে কয়- গো-ধনৰ প্ৰাকৃতিক গৰ্ভাৱস্থাৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া। সেয়েহে কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰ জৰিয়তে অতি সহজে আৰু কম খৰচতে উৎকৃষ্ট গো-পোৱালি জন্মৰ দিশত ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আমাৰ বিভাগে যথেষ্ট অগ্ৰাধিকাৰ দিছে। আমাৰ লক্ষ্য হৈছে- দুগ্ধ উৎপাদনত অসমক সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল কৰি তোলা আৰু আমাৰ কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰা।

লগতে পঢ়ক- 

মাৰ্চ-এপ্ৰিলত এবিঘা মাটিক কাঠ আলু খেতি কৰক

গো-পালকক বঁটা প্ৰদান কৃষিমন্ত্ৰীৰ
গো-পালকক বঁটা প্ৰদান কৃষিমন্ত্ৰীৰ

প্ৰদশৰ্নী অনুষ্ঠানটোত শ্ৰেষ্ঠ গো-পোৱালি প্ৰদৰ্শনৰ বাবে কেইবাগৰাকীও গো-পালকক বঁটা প্ৰদান কৰে কৃষিমন্ত্ৰীগৰাকীয়ে। কৃষকসকলক বঁটা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। বঁটা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে গো-পালকসকলক কৃত্ৰিম প্ৰজনন ব্যৱস্থাটোৰ সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায়। লগতে এই প্ৰদৰ্শনীখনে কৃষকসকলক কৃত্ৰিম প্ৰজননৰ সুবিধাসমূহৰ বিষয়ে জ্ঞান লাভ কৰাত বিশেষ সহায় কৰিব বুলি মন্ত্ৰী কয় মন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাস, ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মীনেশ শ্বাহ, উপায়ুক্ত কাবেৰী চক্ৰৱৰ্তী, অসম চৰকাৰৰ দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক কৰুণা শৰ্মা, AMULৰ পৰিচালন সঞ্চালক সত্যব্ৰত বসু প্ৰমুখ্যে গো-পালক, কৃষকৰ লগতে স্থানীয় ৰাইজ।

লগতে পঢ়ক-

Bodo Paddy Farming : আহি আছে বৰো ধানৰ খেতিৰ বাবে

English Summary: Calves Exhibition born by artificial insemination in Bajali

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.