1. News

বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিৰ ভাৰতৰ ফোঁপোলাস্বৰূপ

KJ Staff
KJ Staff
India ranks 132 in UNDP's Human Development Index, amid a global fall
India ranks 132 in UNDP's Human Development Index, amid a global fall

এটা সপ্তাহ পূৰ্বে ব্ৰিটেইনক চেৰাই ভাৰত বিশ্বৰ পঞ্চম শক্তিশালী অৰ্থনীতিলৈ উন্নীত হোৱাৰ খবৰ প্ৰকাশ পাইছিল। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত স্পষ্ট হৈছে ভাৰতৰ এখন পুতৌলগা ছবি।

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী চমুকৈ ইউ এন ডি পিয়ে প্ৰকাশ কৰিছে এই প্ৰতিবেদন। প্ৰতিবেদনখনত বিশ্বৰ ১৯১ খন দেশৰ ভিতৰত মানৱ উন্নয়ন সূচকত ভাৰতে লাভ কৰিছে ১৩২ সংখ্যক স্থান। এই প্ৰতিবেদনে এতিয়া পোহৰলৈ আনিছে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ আছল ছবিখন।

২০২০ চনত প্ৰকাশিত ইউ এন ডি পিৰ প্ৰতিবেদনত ভাৰত ১৮৯ খন দেশৰ ভিতৰত আছিল ১৩১ সংখ্যক স্থানত। সেইবাৰ ভাৰতৰ সূচক আছিল ০.৬৪৫। কিন্তু এইবাৰ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি মানৱ উন্নয়নসূচকত ভাৰতৰ সূচক হৈছে ০.৬৩৩। অৰ্থাৎ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰতত ভাৰত আছে মধ্যম শ্ৰেণীত।

উল্লেখ্য যে মানৱ উন্নয়ন হৈছে এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু গড় উপাৰ্জনৰ এক পৰিমাপ। ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ৩২ বছৰত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বত মানৱ উন্নয়ন স্তব্ধহৈ পৰিছে। আনহাতে মানৱ সম্পদৰ সঠিক উন্নয়ন নোহোৱাৰ বাবেই ভাৰতৰ বিকাশৰ গতিত প্ৰভাৱ পেলাই বুলি কোৱা হৈছে। কিন্তু এই প্ৰতিবেদনে ভাৰতত পুৰুষ আৰু মহিলাৰমাজৰ মানৱ বিকাশৰ ব্যৱধান দূৰ কৰাৰ তথ্যও প্ৰকাশ পাইছে।

লগতে পঢ়ক- বিট্ৰেইনৰ সম্ৰাজ্ঞী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু

English Summary: UNDP REPORT

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.