1. News

বিট্ৰেইনৰ সম্ৰাজ্ঞী এলিজাবেথ দ্বিতীয়ৰ মৃত্যু

KJ Staff
KJ Staff
Queen elizabeth-II death
Queen elizabeth-II death

অৱশেষত এলিজাবেথ দ্বিতীয়ই মৃত্যুৰ ওচৰত সাৰ মানিলে। জানিব পৰা মতে বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা অসুস্থ হৈ আছিল ৰাণী এলিজাবেথ। বাকিংহাম পেলেচে বৃহস্পতিবাৰে এক বিবৃতি প্ৰকাশ কৰিছিল যে ৰাণী এলিজাবেথ  স্কটিছ ইষ্টেট, বালম'ৰেল কেচেলত মৃত্যু হয় ।

বৃহস্পতিবাৰে নিশাটো তেওঁৰ নশ্বৰদেহ বালম'ৰেলত ৰখাৰ পাছত শুকুৰবাৰে তেওঁৰ নশ্বৰ দেহ লণ্ডনলৈ অনা হয় ৷ ৰাণীৰ নশ্বৰদেহ লণ্ডনলৈ ঘূৰাই অনাৰ পিছত প্ৰায় চাৰিদিন ৱেষ্টমিনষ্টাৰ হলত ৰখা হ’ব । ৱেষ্টমিনষ্টাৰ হলতে তেওঁক গুণমুদ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব ৷ উল্লেখ্য যে বৃটিছ ইতিহাসৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাণী আৰু বিশ্বৰ কোটি কোটি লোকৰ পৰিচিত ৰাণী এলিজাবেথ দ্বিতীয় ১৯৫২ চনত সিংহাসনত অধিষ্ঠিত হৈছিল আৰু প্ৰচুৰ সামাজিক পৰিৱৰ্তনৰ সাক্ষী হৈছিল। 

ৰাণী এলিজেবেথ দ্বিতীয় ১৯৫২ চনত সিংহাসনলৈ আহিছিল আৰু ৭০ বছৰ ৰাজত্ব কৰিছিল। ১৮৭৪ চনত জন্ম গ্ৰহণ কৰা উইনষ্টন চাৰ্চিলৰ পৰা আৰম্ভ কৰি ১৯৭৫ চনত জন্ম গ্ৰহণ কৰা আৰু এই সপ্তাহৰ আৰম্ভণিতে ৰাণীয়ে নিযুক্ত কৰা লিজ ট্ৰাছকে ধৰি ১৫ জন প্ৰধানমন্ত্ৰীৰ শাসনকালৰ কালৰ সাক্ষী আছিল ৰাণী এলিজাবেথ।

অহা দুসপ্তাহত ৰাণীৰ ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়াৰ সম্ভাৱনা আছে। বিদেশী নেতাসকলে ৰাণীক শ্ৰদ্ধাঞ্জলি জনাইছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৯/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত তেওঁলোকৰ “আটাইতকৈ অন্ধকাৰ দিন”ত আমেৰিকাৰ সৈতে কেনেকৈ সংহতি ৰাখি থিয় দিছিল সেই কথা স্মৰণ কৰিছে। ইফালে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয় যে তেওঁ আছিল এগৰাকী "দয়ালু হৃদয়ৰ ৰাণী" আৰু "ফ্ৰান্সৰ বন্ধু"।

লগতে পঢ়ক- নাবাৰ্ড নিযুক্তি ২০২২: ১৭৭ টা খালী পদ খালি, সপ্তম চিপিচি অনুসৰি দৰমহা

English Summary: Queen elizabeth death

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.