1. News

কাঁহিকুছিত উদ্যান শস্য গৱেষণা কেন্দ্ৰ উদ্বোধন অতুল বৰাৰ

KJ Staff
KJ Staff
Atul borah
Atul borah

"আমি যি গৱেষণাই নকৰোঁ কিয়, সেই গৱেষণা হ'ব লাগিব কৃষকৰ অৰ্থনৈতিক উন্নয়নৰ গৱেষণা, সেই গৱেষণা সফল হ'ব লাগিব কৃষকৰ পথাৰত। যদিহে কৃষকৰ উন্নতি নহয়, গাঁৱৰ উন্নতি নহয়, যদিহে গ্ৰামাঞ্চলৰ উন্নতি নহয়, তেন্তে দেশ বা ৰাজ্যৰ বিকাশ সম্ভৱ নহয়।" গুৱাহাটীৰ কাঁহিকুছিস্থিত উদ্যান শস্য গৱেষণা কেন্দ্ৰটোৰ এটা "উদ্যান শস্য দক্ষতা বিকাশ কেন্দ্ৰ"ৰ শুভ উদ্বোধন কৰি এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰা।

উল্লেখ্য যে গৱেষণা কেন্দ্ৰটোৰ ১৭জনীয়া কৃষি বিজ্ঞানীৰ এটা দলে এই দক্ষতা কেন্দ্ৰটোত প্ৰশিক্ষক হিচাপে সেৱা আগবঢ়াব। সেয়েহে ৰাজ্যখনৰ উদ্যানশস্য খণ্ডত দক্ষ মানৱ সম্পদ সৃষ্টিত এই নতুন কেন্দ্ৰটোৱে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানতে "আমাৰ গাঁও আমাৰ গৌৰৱ" আৰু "আদৰ্শ পুষ্প গাঁও" আঁচনিৰ অধীনত কেইবাগৰাকীও কৃষকক কৃষি ৰোপণ সামগ্ৰী তথা কৃষি সঁজুলি প্ৰদানেৰে আঁচনিখনৰ অধীনৰ সামগ্ৰী বিতৰণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। লগতে গৱেষণা কেন্দ্ৰটোৰদ্বাৰা উদ্ভাৱিত নগৰীয়া উদ্যান শস্য আৰু কণ্টেইনাৰ বাগিচাৰ এক বাণিজ্যিক পটিং মিশ্ৰণ প্ৰস্তুতকৰণো মুকলি কৰে মন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকা, অসম কৃষি আয়োগৰ সদস্য ড° নলীন কুমাৰ মোহন, কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড° যোগেশ চন্দ্ৰ নাথ, কৃষি গৱেষণা কেন্দ্ৰ, কামৰূপৰ আঁচনি সমন্বয়ক ড° ধীৰেন কলিতা প্ৰমুখ্যে গৱেষণা কেন্দ্ৰটোৰ বিজ্ঞানী, বিষয়া, কৰ্মচাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক বন্ধুসকল উপস্থিত থাকে।

লগতে পঢ়ক- গোলাঘাট জিলাৰ প্ৰগতিশীল কৃষকৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ অতুল বৰাৰ

English Summary: horticulture reseach research centre open at Kanhikuch by Atul borah

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.