-
-
কোকৰাঝাৰৰ কচগাঁও ব্লকত তুলসীৰ খেতি
কোকৰাঝাৰৰ কচগাঁও ব্লকত তুলসীৰ খেতি। অসমীয়া মানুহৰ ঘৰৰ পিড়ালীতে থকা তুলসীজোপাৰ খেতিও সম্প্ৰতি এক লাভজনক ব্যৱসায়লৈ ৰূপান্তৰ হৈছে।
বৰ্তমান সময়ত সমগ্ৰ বিস্বতে চাহিদা বাঢ়িছে তুলসীৰ। বিভিন্ন আয়ুৰ্বেদিক ঔষধ প্ৰস্তুৰ বাবে ব্যৱহাৰ কৰা হৈছে তুলসী। বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, বিশ্বৰ আনুমানিক ৮০ শতাংশ লোকে ঔষধী উদ্ভিদ বা ভেষজ চিকিৎসাৰ ওপৰত নিৰ্ভৰশীল।
লগতে পঢ়ক-
কোৰোণা মহামাৰীৰ পিছৰ পৰা, বহুলোক আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক ঔষধৰ প্ৰতি ক্ৰমান্বয়ে আকৰ্ষিত হৈছে, আৰু সেয়েহে ইয়াৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। তুলসীৰ চাহিদা প্ৰতিদিনে বাঢ়ি আহিছে। বৰ্তমান সময়ত ইয়াৰ বজাৰো যথেষ্ট বৃদ্ধি পাইছে।
এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাজ্য চৰকাৰ উদ্যান শস্য বিভাগে কোকৰাঝাৰৰ কৃষকসকলক তুলসীৰ খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিছে। আৰু এই খেতিৰ প্ৰচাৰ আৰম্ভ কৰিছে।
লগতে পঢ়ক-
English Summary: Tulsi Cultivation in Kokrajhar
Share your comments