1. News

ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পাচলিত পোকে কিয় নধৰে! পোকে ধৰা পাচলিসমূহে কিহৰ সাক্ষী বহন কৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পাচলিত পোকে কিয় নধৰে!
ৰাসায়নিক সাৰ প্ৰয়োগ কৰা পাচলিত পোকে কিয় নধৰে!

সাধাৰণতে দেখিবলৈ পোৱা যায় আমাৰ গ্ৰাহকসকলৰ পুকীয়া শাক-পাচলিসমূহ দেখিলেই নাক কোচাই আৰু পুকীয়া শাক-পাচলিসমূহ খোৱাৰ উপযোগী নহয় বুলি প্ৰতি এটা ভ্ৰান্ত ধাৰণা কঢ়িয়াই লৈ ফুৰে। আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিক্ৰেতাসকলেও পুকীয়া আৰু দেখিবলৈ বেয়া হোৱা পাচলিবোৰ ঘৰত খাবলৈ ৰাখি বাকী নিপোটল আৰু দেখিবলৈ ধুনীয়া পাচলিবোৰ বজাৰলৈ লৈ যায়। এতিয়া প্ৰশ্ন হ’ল- সঁচাকৈ এই পুকীয়া শাক-পাচলিসমূহ খোৱাৰ অনুপযোগী নেকি!(অৱশ্যে পাঠকসকলে এটা কথা মন কৰিব যে ইয়াত একেবাৰে পোকে খোৱা পাচলিবোৰৰ কথা কোৱা হোৱা নাই।)

এই সন্দৰ্ভত অসমৰ এজন বিশিষ্ট কৃষক ধনীৰাম চেতিয়া কৈছে যে পুকীয়া শাক-পাচলিবোৰে এটা সাক্ষী বহন কৰে যে যিবিলাক শাক-পাচলিত অধিক ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হয় সেই শাক-পাচলিসমূহত পোকে ধৰিবলৈ সুযোগ নাপায় বা পোকে নাখায় আৰু সেইবিলাক নিৰোগী আৰু নিপোটল হৈ থাকে। আৰু যিবিলাকত কম ৰাসায়নিক সাৰ প্ৰয়োগ আৰু জৈৱিক পদ্ধতিৰে কৰা হয় সেই পাচলিসমূহতহে পোকে ধৰে। পোকে ধৰা মানেহে পাচলিবিধ প্ৰাকৃতিক হৈ থকা বুলি ক’ব  বিচাৰে ধনীৰাম চেতিয়াই।

লগতে পঢ়ক-

কোকৰাঝাৰৰ কচগাঁও ব্লকত তুলসীৰ খেতি

তেওঁ লগতে কয় যে বজাৰত গ্ৰাহক পোক খোৱা পাচলি দেখিলেই গ্ৰাহকসকলে নাক কোচাই উভটি অহা উচিত নহয় আছলতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত নিপোটল হৈ থকা পাচলিতকৈ পোকে ধৰা পাচলিয়ে স্বাস্থ্যৰ বাবে উপযোগী।

উল্লেখ্য যে এই সন্দৰ্ভত দৈনিক জনমভূমি কাককত বিকাশ বৰুৱাই ‘বিহ খাওঁ  আহক ’ নামৰ এটা প্ৰৱন্ধ লিখিছিল প্ৰৱন্ধটোত পুকিয়া পাচলি দেহৰ বাবে কিমান উপযোগী এই সন্দৰ্ভত কেইবাটাও প্ৰৱন্ধ লিখিছিল। এটা কথা উল্লেখনীয় যে পোকে কেতিয়াও বিষাক্ত বস্তু নাখায়। গতিকে পোকে ধৰা পাচলিসমূহ বিষমুক্ত বুলি অনুমান কৰিব পাৰি।

লগতে পঢ়ক- 

লিচু গছত কলম দিয়া পদ্ধতি-

 

English Summary: Benifit insects of the insect attack vegetables

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.