1. News

কৃষি সঞ্চালকালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী, শুভাৰম্ভ ডা: আশীষ কুমাৰ ভূটানীৰ লগতে তেওঁৰ সহধৰ্মিনীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষি সঞ্চালকালয়ৰ চৌহদত  বৃক্ষৰোপণ কাৰ্যসূচী
কৃষি সঞ্চালকালয়ৰ চৌহদত বৃক্ষৰোপণ কাৰ্যসূচী

সম্প্ৰতি গোলকীয় উষ্ণতা বৃদ্ধি তথা জলবায়ু পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়ৰ যুটীয়া উদ্যোগত আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদত   এক বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানীৰ লগতে তেওঁৰ সহধৰ্মিনী সবিতা ভূটানী সৈতে উপস্থিত থাকি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ উল্লেখ্য যে সবিতা ভূটানী বিগত ভালে কেইবছৰ ধৰি স্বেচ্ছামূলকভাৱে বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত জড়িত ৷ 

লগতে পঢ়ক- 

ৰাজ্যৰ পশুপালক আৰু পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ১০-৫০ লাখ টকালৈ ঋণ

 

আজি বৃক্ষৰোপন কাৰ্যসূচীত ১০০ জোপা পৰিৱেশ অনুকূল গছ কৃষি সঞ্চালকালয়ৰ চৌহদত ৰোপণ কৰা হয়৷ লগতে পৰৱৰ্তী  পৰ্যায়ত কৃষি বিভাগৰ উদ্যোগত এক বৃহৎ পৰিমাণৰ এলেকা সামৰি বৃক্ষৰোপণ কাৰ্যসূচী চলাই যোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৷

কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, যুটীয়া সচিবদ্বয় গুণজিৎ কাশ্যপ আৰু সমীকৰণ বৰা, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে কৃষি সঞ্চালকালয়ৰ উচ্চপদস্থ বিষয়ববীয়াসকল উপস্থিত থাকে আৰু প্ৰত্যেকেই গছপুলি ৰোপণ কৰে ৷

লগতে পঢ়ক- 

Bhushan-f1 : এবাৰ ৰুলে এবছৰলৈ ঘনাঘ ঘনাই লাগি থাকিব জাতিলাও

English Summary: Tree planting program at Directorate of Agriculture premises

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.