1. News

চৰাইদেউৰ কৃষকৰ বাবে সুখবৰ; সোণাৰিত মুকলি ধান ক্ৰয় কেন্দ্ৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Paddy procurement center opened in Sonari By  Minister Jogen Mohan
Paddy procurement center opened in Sonari By Minister Jogen Mohan

চৰাইদেউ জিলাৰ কৃষকৰ সুবিধা তথা লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৃষি বিভাগৰ অধীনত শনিবাৰে সোণাৰি কৃষি চক্ৰত উদ্বোধন কৰা হয় এটা ধান ক্ৰয় কেন্দ্ৰ৷ খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত সোণাৰি কাকতিবাৰীত ধান ক্ৰয় কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে৷

এই উদ্বোধনী অনুস্থানত লগতে উপস্থিত থাকে জিলা কৃষি বিষয়া শ্ৰী ৰবীন য়েইন, কৃষি উন্নয়ন বিষয়া তথা কৰ্মচাৰী, যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ৷

লগতে পঢ়ক- 

Amur cup : মীনপালকসকলে আমুৰ কাৰ্প পালন কৰি আয় বৃদ্ধি কৰিব পাৰে!

উল্লেখ্য যে কৃষকে এই ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰিলে  পোনপটিয়াকৈ প্ৰতি কুইন্টলত ২,০৪০ টকা চৰকাৰী মূল্য লাভ কৰিবলৈ সক্ষম হ'ব৷ এই উদ্বোধনী অনুস্থানত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ কৃষকক ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান বিক্ৰী কৰি ধানৰ উচিত মূল্য লাভ কৰিবলৈ আহ্বান জনায়৷

ইফালে, শনিবাৰৰ দিনটোতে কৃষিমন্ত্ৰী অতুল বৰাই কামৰূপ মহানগৰ জিলাৰ মালৈবাৰীত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। কেন্দ্ৰটো পৰিদৰ্শন কৰি তেওঁ কয়- 'প্ৰতি কুইণ্টলত ২,০৪০ টকা ন্যূনতম সমৰ্থিত মূল্যত আমাৰ কৃষকসকলে উৎপাদন কৰা ধান ক্ৰয়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ জৰিয়তে কৃষকসকল যথেষ্ট উপকৃত হৈছে। আজি কামৰূপ মহানগৰ জিলাৰ মালৈবাৰীত স্থাপন কৰা ধান ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰিলোঁ আৰু সংশ্লিষ্ট বিষয়া তথা স্থানীয় কৃষকসকলৰ সৈতে মত বিনিময় কৰি ধান ক্ৰয়ৰ সবিশেষ বুজ লওঁ।'

লগতে পঢ়ক- 

ৰাজ্যৰ পশুপালক আৰু পশুপালনৰ প্ৰতি আগ্ৰহীসকললৈ ১০-৫০ লাখ টকালৈ ঋণ

English Summary: Good news for farmers of Charideo; Paddy procurement center opened in Sonari

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.