Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 3 January, 2025 4:38 PM IST
UN General Assembly announces launch of the 2025 International Year of Cooperatives

ৰাষ্ট্ৰসংঘই চলিত বছৰটোক আন্তঃৰাষ্ট্ৰীয় সমবায় বছৰ (International Year of Cooperatives) ঘোষণা কৰিছে। ২০২৫ বৰ্ষটোক আন্তঃৰাষ্ট্ৰীয় সমবায় বছৰ হিচাপে ঘোষণা কৰি কয়- সমবায়সমূহে বিশ্বব্যাপী এক স্থায়ী প্ৰভাৱ বিস্তাৰ কৰি আহিছে। এই সমবায় আৰ্হিটোৰ দ্বাৰা বিশ্বত দৰিদ্ৰতা হ্ৰাস, নিয়োগ সৃষ্টি আৰু সামাজিক সংহতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ আৰু বিভিন্ন প্ৰত্যাহ্বানসমূহক মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ আৰু বহনক্ষম ভূমিকা গ্ৰহণ কৰি আহিছে। লগতে কয়- ২০৩০ চনৰ ভিতৰত বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘই যি SDG লক্ষ্য লৈছে তাত সমবায় সমিতিসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

উল্লেখ্য যে  ৰাষ্ট্ৰসংঘই পালন কৰা আন্তঃৰাষ্ট্ৰীয় বছৰসমূহত নিৰ্বাচন কৰা নিৰ্দিষ্ট বিষয়বস্তুটো সন্দৰ্ভত সজাগতা আৰু বিষয়টোক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে বিভিন্ন আঁচনি আৰু কাৰ্যপন্থা গ্ৰহণ কৰে। গতিকে ২০২৫ বৰ্ষটোক আন্তঃৰাষ্ট্ৰীয় সমবায় সমিতি হিচাপে গ্ৰহণ কৰাত নিশ্চিতভাৱে সমবায়খণ্ডটোলৈ এক নতুনত্ব আহিব আৰু অধিক কাৰ্যক্ষম হৈ উঠিব।

সেই উদ্দেশ্য কিছুমান লক্ষ্য  ৰাষ্ট্ৰসংঘই সন্মুখত ৰাখিছে-

১) সমবায়সমূহৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰা
২) সমবায় সন্দৰ্ভত জনসচেতনতা বৃদ্ধি কৰা সমবায়, সমবায়ৰ মাজেৰে নতুন নেতা আৰু কাৰ্যক্ষম নেতা গঢ় তোলা।
৩) সমবায়সমূহক প্ৰসাৰ কৰা প্ৰতিষ্ঠান আৰু সংস্থাসমূহক সামৰ্থ্য শক্তিশালী কৰা, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুবিধা প্ৰদান কৰা
৪) জনসাধাৰণে সমবায় কি আৰু কিয়? তাৰ গুৰুত্ব উপলব্ধি কৰোৱা আৰু সমবায় ব্যৱস্থাক উপলব্ধি কৰোৱাৰ এক পৰিৱেশ সৃষ্টি কৰা।

উল্লেখ্য যে  ২০১২ চনটোকো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ ঘোষণা কৰিছিল আৰু আৰ্থ-সামাজিক উন্নয়নত সমবায়সমূহৰ অৱদান, বিশেষকৈ দৰিদ্ৰতা হ্ৰাস, নিয়োগ সৃষ্টি আৰু সামাজিক সংহতিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছিল। লগতে সমগ্ৰ বিশ্বতে সমবায়সমূহৰ বৃদ্ধি আৰু সমবায়সমূহৰ কৰ্মৰাজিক উৎসাহিত কৰি সমবায় উদ্যোগসমূহে এখন বহনক্ষম উন্নত পৃথিৱী গঢ়ি তোলাৰ উদ্দেশ্যৰে চলিত বৰ্ষটোক পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষ  হিচাপে ঘোষণা কৰে ৰাষ্ট্ৰসংঘই।

লগতে পঢ়ক- 

Watermelon Farming After Potato Harvesting : আলু খন্দাৰ পাছত আলুতলিবিলাকত কি কৰিব!

English Summary: The 2025 International Year of Cooperatives
Published on: 03 January 2025, 04:20 IST