1. News

আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ

Pranita Chutia
Pranita Chutia
আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ
আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ

আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ। চলিত বৰ্ষত লণ্ডনৰ বজাৰত তেজপুৰৰ লিচুৱে সমাদৰ লাভ কৰাৰ পিছত এইবাৰ তেজপুৰত লিচু গছৰ পুলি ৰূপনৰ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰে শোণিতপুৰ জিলা কৃষি বিভাগে। তেজপুৰৰ লিচুৱে ২০১৩ বৰ্ষত জি আই টেগ Geological Indication( GI) পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ প্ৰজাতি বোম্বায়া লিচু,বিলাতী লিচু আৰু চাহি লিচুৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেজপুৰৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰাৰ পাছত শোণিতপুৰ জিলা কৃষি বিভাগে উক্ত লিচু খেতি সম্প্ৰসাৰণৰ বিশেষ পদক্ষেপ গ্ৰহন কৰিছে। আজি  শোণিতপুৰ জিলা কৃষি বিভাগ, জিলা পৰিষদ, কৃষি বিজ্ঞান কেন্দ্ৰ, NABARD ৰ উদ্যোগত আৰু  শোণিতপুৰ জিলা প্রশাসন, অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্প (APART) , বিশ্বনাথ কৃষি মহাবিদ্যালয়, NERAMAC, অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ সহযোগত পৰুৱাত লিচু পুলি বিতৰণ তথা ৰোপণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়। তেজপুৰৰ উন্নত জাতৰ আৰু সুস্বাদু লিচুৱে অসমৰে নহয় দেশ বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । এই তেজপুৰ লিচুক আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ এক  কাৰ্যসূচীৰ শুভাৰম্ভনী কৰা হয়।

শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই জিলা কৃষি বিভাগৰ উক্ত অভিযান সদৰি কৰাৰ পিছতেই শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জি আই টেগ লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মালৈ প্ৰেৰন কৰা প্ৰশংসা পত্ৰৰ কথা সদৰি কৰে। এই অনুষ্ঠানত কৃষি বিভাগে লিচুৰ তথ্য সম্বলিত এখিন কেলেণ্ডাৰ মুকলি কৰে ।

তেজপুৰৰ উন্নত জাতৰ আৰু সুস্বাদু লিচুৱে কেৱল অসমৰে নহয় দেশ বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই তেজপুৰ লিচুৱে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিয়াৰ বাবে কৃষি বিভাগৰ উদ্যোগত লিচু পুলি বিতৰণ আৰু ২০২ বিঘা মাটিত লিচু পুলি ৰোপণৰ এক  কাৰ্যসূচীৰ শুভাৰম্ভনী কৰা হয়। শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ শইকীয়াই কৃষি বিভাগৰ এই অভিযানৰ কথা সদৰি কৰাৰ পিছতেই শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই জি আই টেগ লাভ কৰা তেজপুৰ লিচুৰ সোৱাদৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী ডঃহিমন্তবিশ্ব শৰ্মালৈ প্ৰেৰন কৰা প্ৰশংসা পত্ৰৰ কথা সদৰি কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে তেজপুৰ লিচুৰ জয়যাত্রাৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে উপস্থিত কৃষকসকলক উন্নত জাতৰ লিচু পুলি বিতৰণ কৰে।

অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ প্ৰসন্ন পাঠক, জিলা কৃষি বিষয়া পংকজ শইকীয়া, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ মুখ্য বিজ্ঞানী তথা সমন্বয়ৰক্ষক ড০ পল্লৱ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী অংগনা শৰ্মা, সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, নলতলীৰ অধ্যক্ষ হৰেশ্বৰ দাস, NABARD ৰ জিলা উন্নয়ন প্ৰবন্ধক প্ৰিতম নাথ, ঘোৰামাৰী কৃষি উন্নয়ন বিষয়া পঞ্চমীকা দত্ত, বালিপাৰা, গাভৰু খণ্ড উন্নয় বিষয়াৰ লগতে অগ্নিগড় কৃষি উৎপাদক কোম্পানীৰ বিষয়ববীয়াসকল।

লগতে পঢ়কঃ চিৰাঙত কৰ্মৰে অসমীয়াগিৰি হেমন্তৰ

English Summary: Tezpur Litchi

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.