Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 September, 2022 11:20 AM IST
Subsidy on Makhana Cultivation by Bihar Government

কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ চৰকাৰে বিভিন্ন প্ৰকাৰে সহায় কৰি আহিছে। খেতিৰ ব্যয় হ্ৰাস কৰাৰ সমান্তৰালভাৱে উৎপাদনশীলতা বৃদ্ধি কৰাৰ বাবে বহুতো আঁচনি আৰু পদক্ষেপ ইতিমধ্যে চৰকাৰে হাতত লৈছে।

এই ক্ষেত্ৰত শেহতীয়াকৈ GI Tag  লাভ কৰা বিহাৰৰ মিথিলা মাখানাৰ কথা উল্লেখ কৰিব লাগিব। ৰাজ্যখনৰ কৃষি আৰু উদ্যানপালন বিভাগে অধিকসংখ্যক কৃষকক মিথিলা মাখানাৰ খেতি কৰিবলৈ উৎসাহিত কৰাৰ লগতে ৰাজ্যখনত মাখানাৰ উৎপাদন বৃদ্ধি কৰিবলৈ মাখনা খেতি কৰা কৃষকসকলক ৭২,৭৫০ টকাৰ ৰাজসাহায্য প্ৰদান কৰাৰ বিবেচনা কৰিছে।

উচ্চ মানদণ্ডৰ বীজৰ জৰিয়তে মাখনাৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে বিহাৰত মাখানা বিকাশ যোজনা ৰূপায়ণ কৰা হৈছে। এই ৰাজসাহায্য আঁচনিৰ সুবিধা ৰাজ্যখনৰ ১১ খন জিলাৰ কৃষকসকলক প্ৰদান কৰা হ'ব অৰ্থাৎ কাটিহাৰ, পূৰ্ণিয়া, মধুবনী, কিষাণগঞ্জ, সুপল, আৰাৰিয়া, মাধেপুৰা, চাহাৰচা, পশ্চিম চম্পাৰণ, দৰভাঙ্গা আৰু সীতামাঢ়ী।

ৰাজ্য চৰকাৰৰ মতে, ৰাজ্যখনত উচ্চ প্ৰকাৰৰ মাখনাৰ খেতিৰ ব্যয় প্ৰতি হেক্টৰত ৯৭,০০০ টকা। ইয়াৰ ওপৰত, উৎপাদকসকলক ৭৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ওপৰোক্ত জিলাৰ কৃষকসকলে মাখানাৰ উন্নত বীজৰ বাবে আবেদন কৰিব পাৰে।

বৰ্তমান, মাখনাৰ উৎপাদন প্ৰতি হেক্টৰত ১৬ কুইণ্টল, কিন্তু নতুন প্ৰকাৰৰ সৈতে, ইয়াৰ উৎপাদন ২৮ কুইন্টাল/হেক্টৰলৈ বৃদ্ধি হৈছে। বিহাৰত স্বৰ্ণ বৈদেহী আৰু চাবৌৰ মাখানা-ভানৰ দৰে উচ্চ উৎপাদনশীল প্ৰকাৰৰ বাবে ইয়াৰ উৎপাদনশীলতা প্ৰতি হেক্টৰত ১৬ টনৰ পৰা ২৮  টনলৈ বৃদ্ধি হৈছে।

মাখানা ৰাজসাহায্যৰ বাবে কৃষকসকলে বিহাৰ উদ্যান পালন বিভাগৰ অনলাইন পৰ্টেলত অনলাইন আবেদন কৰিব পাৰে। পঞ্জীয়ন প্ৰক্ৰিয়া ৫ ছেপ্টেম্বৰত আৰম্ভ হৈছিল আৰু আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ২০ ছেপ্টেম্বৰ ২০২২। ইয়াৰ উপৰিও, কৃষকসকলে নিকটতম চিএছচি লৈ গৈ ইয়াৰ বাবে আবেদন কৰিব পাৰিব।

ৰাজসাহায্যৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ

এই ক্ষেত্ৰত কৃষকসকলক নিম্নলিখিত ধৰণৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব

  • কৃষকৰ আধাৰ কাৰ্ড

  • কৃষকৰ ভূমিৰ নথিপত্ৰ

  • বেংক পাছবুকৰ প্ৰথম পৃষ্ঠাৰ প্ৰতিলিপি

  • আবেদনকাৰী কৃষকৰ মোবাইল নম্বৰ ইত্যাদি

 লগতে পঢ়ক-বটদ্ৰৱাৰ কৃষিপথাৰত বিদ্যুৎস্পৃষ্ট হৈ কৃষকৰ মৃত্যু

English Summary: Subsidy on Makhana Cultivation by Bihar Government
Published on: 11 September 2022, 11:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now