1. News

চলিত বৰ্ষৰ বান-খৰাং পৰিস্থিতিয়ে ৰাজ্যৰ ৫ জিলাৰ কৃষকলৈ আনিব হুমনিয়াহ

KJ Staff
KJ Staff
বান আৰু খৰাঙে  হুমনিয়া কঢ়িয়াই আনিব কৃষকলৈ
বান আৰু খৰাঙে হুমনিয়া কঢ়িয়াই আনিব কৃষকলৈ

শেহতীয়া খৰাং পৰিস্থিতিত ৰাজ্যৰ ৫ জিলাত এইবাৰ ধানৰ উৎপাদন হ্রাস পাব । খৰাঙৰ বাবে কঠীয়া পলমকৈ ৰোৱা অথবা কোনো কোনো অঞ্চলত কঠীয়া ৰুব নোৱৰাৰ বাবে নগাঁও , গোলাঘাট , নলবাৰী , কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত ধানৰ উৎপাদন হ্রাস পাব বুলি কৃষি বিভাগে আশংকা কৰিছে ।

জিলাকেইখনত ১৫ আগষ্ট পর্যন্ত ভালেসংখ্যক কৃষকে পানীৰ অভাৱত কঠীয়া ৰুব পৰা নাছিল । সাধাৰণতে শালি ধানৰ কঠীয়া ৰোৱাৰ অন্তিম সময় ১৫ আগষ্ট । কিন্তু এইবাৰ যিহেতুকে দীৰ্ঘদিনৰ বাবে বৰষুণ হোৱা নাছিল আৰু আগষ্টৰ শেষভাগলৈহে বৰষুণ হোৱা আৰম্ভ কৰে , সেয়ে এতিয়া শালি ধানৰ খেতি কৰাৰ সময় পাৰ হোৱাৰ পাছতো কোনো কোনো অঞ্চলত কঠীয়া ৰোৱা এতিয়াও অব্যাহত আছে ।

যাৰ ফলত পলমকৈ কঠীয়া ৰোৱা নগাঁও , নলবাৰী , গোলাঘাট আৰু কামৰূপৰ দুয়োখন জিলাত ধানৰ উৎপাদন হ্রাস পাব বুলি কৃষি বিভাগে আশংকা কৰিছে । সমান্তৰালকৈ আন জিলাসমূহতো অন্য বছৰৰ দৰে এইবাৰ পৰ্যাপ্ত পানীৰ অভাৱত উৎপাদন কিছু হ্রাস পাব বুলি কৃষি বিভাগত চৰ্চা আৰম্ভ হৈছে । উল্লেখযোগ্য যে চলিত বৰ্ষত হোৱা দুটাকৈ বানে ১৯ খন জিলাৰ কৃষকসকলক ক্ষতিগ্রস্ত কৰিছিল । শালি ধানৰ খেতিৰ বাবে কঠীয়া সিঁচাৰ পাছতেই বান অহাত কেইবাখনো জিলাৰ কৃষকৰ কঠীয়া নষ্ট হয় । যাৰ ফলত এই ক্ষতিগ্রস্ত কৃষকসকলক বিনামূলীয়াকৈ কঠীয়া যোগান ধৰাৰ বাবে কৃষি বিভাগে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল ।

বানত ক্ষতিগ্রস্ত প্রায়কেইখন জিলাতেই কৃষি বিভাগে স্থাপন কৰে সমূহীয়া কঠিয়াতলী । আৰ কে ভি ৱাই আঁচনিৰ অধীনত ১৯৫৮ হেক্টৰ কৃষিভূমিত কঠীয়াৰ বাবে সমূহীয়া নাৰ্ছাৰী স্থাপন কৰাৰ লগতে আন আঁচনিৰ অধীনতো সমূহীয়া কঠীয়াতলী অথবা নাৰ্ছাৰীৰ ব্যৱস্থা কৰে । মাজুলী , ধেমাজি , লখিমপুৰ , গোলাঘাট আদিৰ বাবে আন আঁচনিৰ অধীনত কঠীয়াতলীৰ ব্যৱস্থা কৰা হৈছিল । কৃষি বিভাগে সাজু কৰা এই সমূহীয়া কঠীয়াতলীসমূহৰ কঠীয়া নিৰ্দিষ্ট সময়ত ৰুব পৰা হৈছিল । কিন্তু এমাহত ৰুব পৰা কঠীয়া দুমাহ পর্যন্ত কঠীয়াতলীতে থাকিব লগা হ'ল ।

লগতে পঢ়ক- এম জি এনৰেগাৰ নামত ভেঁকো-ভাওনা চলি থকাৰ মাজতে অসমক বঞ্চনা কেন্দ্ৰৰ

English Summary: flood & drought in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.