Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 22 October, 2024 3:36 PM IST
Soil Health Test

মাটি হৈছে সৰু সৰু অনুজীৱৰ পৰা আৰম্ভ কৰি জীৱ-জন্তু, গছ-গছনি তথা সমূহ মানৱ জাতিৰ বাসভূমি। এই মাটিৰ বুকুতেই মানুহে এখন হেপাহৰ ঘৰ সাজি, খেতি বাতি জীৱন নিৰ্বাহ কৰে।

কৰ্ম আৰু জীৱনশৈলী অনুযায়ী বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱনত মাটিৰ গুৰুত্ব বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে এজন কুমাৰে মাটিক বিভিন্ন আকাৰ দি পাত্ৰ বনোৱাত ব্যৱহাৰ কৰে, ঠিক তেনেদৰে এজন খনিকৰৰ বাবে মাটি হৈছে দেৱী প্ৰতিমা তৈয়াৰ কৰা মূল আহিলা। এজন সাধাৰণ মানুহৰ বাবে মাটি হৈছে জীৱন নিৰ্বাহৰ মূল স্হল। আনহাতে কৃষকৰ বাবে মাটি হৈছে সোণগুটি ছপোৱাৰ মূল ভেটি। কৃষকসকল হৈছে আমাৰ অন্নদাতা।

আমি সকলোৱেই জানো যে মাটিয়েই হৈছে কৃষকৰ মূল ভেটি। মাটি অবিহনে কৃষি কাৰ্য কৰা অসম্ভৱ। সেয়েহে মাটি আৰু কৃষকৰ এক বুজাব নোৱাৰা সম্পৰ্ক আছে।

মাটিৰ গুৰুত্ব সৰোগত কৰিয়েই অতীজৰে পৰা বিভিন্ন কবি গীতিকাৰে সময়ে সময়ে বহুতো কবিতা, গীত ৰছনা কৰি আহিছে। সেয়েহে ড০ ভূপেন হাজৰিকাদেৱে তেখেতৰ গীতৰ ভাষাৰে কৈছিল-

গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি

অসম দেশৰ দৰে নাপাও ইমান ৰসাল মাটি

মাটি হৈছে আমাৰ স্বাভিমান। অসমৰ কৃষিভূমি যথেষ্ট সাৰুৱা। অসমৰ মাটি আম্লিক। ধান হৈছে অসমৰ প্ৰধান শস্য। ধানকে ধৰি অসমৰ কৃষিভূমিত বিভিন্ন শস্য যেনে মাকৈ, তিল, সৰিয়হ, মৰাপাট, মছুৰ, মাটিমাহ, মগুমাহ, বিভিন্ন শাক পাছলি আদিৰ খেতি কৰা হয়।

অসমৰ মাটি যথেষ্ট সাৰুৱা যদিও অধিক লাভৰ আশাত বহুতো কৃষকে প্ৰয়োজনতকৈ আধিক হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ লৈছে। যাৰ ফলত মাটিৰ উৰ্বৰা শক্তি যথেষ্টখিনি হ্ৰাস পাইছে। তাৰোপৰি অসমৰ কৃষিভূমি প্ৰতিবছৰে বানপানীৰ কবলত পৰি আহিছে যাৰ ফলত অসমৰ মাটি যথেষ্টখিনি পানীৰ বুকুত জাহ গৈছে। এনেবোৰ সমস্যাৰ কবলত পৰি আমাৰ কৃষিভূমিৰ যথেষ্ট অনিষ্ট সাধনি হৈছে। যাৰ প্ৰভাৱ আমাৰ ফচল উৎপাদনৰ ওপৰত পৰিছে। সেয়েহে বৰ্তমান সময়ত মাটি পৰীক্ষাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে।

মাটিৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে জনসাধাৰণক অৱগত কৰাবলৈ প্ৰতিবছৰে ৫ ডিচেম্বৰ তাৰিখে ‘বিশ্ব ভূমি দিৱস’  হিচাপে পালন কৰা হয়। এই দিনটো হৈছে থাইলেণ্ডৰ প্ৰাক্তন ৰজা “থাইদেশৰ জনক” ভূমিবল আডুলিয়াডেজৰ জন্মদিন। তেখেতৰ ভূমিৰ সুৰক্ষা আৰু সংৰক্ষণৰ ওপৰত কৰা বিভিন্ন কামৰ প্ৰতি সন্মান জনাই ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ৫ ডিচেম্বৰৰ দিনটো “বিশ্ব ভূমি দিৱস” হিচাপে পালন কৰা হয়।

আধুনিক কৃষি জগতত মাটি পৰীক্ষা হৈছে এক অনবদ্য অবদান। খেতিৰ মাটি ডৰাত দৰাচলতে কিমান সাৰৰ প্ৰয়োজন হয় তেনে তথ্য লগত ৰাখিহে আমি মাটিত সাৰ প্ৰয়োগ কৰিব লাগে। মাটি পৰীক্ষা পত্ৰ হৈছে এডখৰ মাটিত বেলেগ বেলেগ শস্যৰ বাবে কিমান হাৰত সাৰ প্ৰয়োগ কৰিব লাগে তাৰ সকলো বিবৰণ থকা একোখন পত্ৰ। এনে পত্ৰৰ সময়সীমা (validity)  ৩ বছৰলৈকে থাকে। অৰ্থাৎ মাটিৰ নমুনা পৰীক্ষা ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি সেই নিৰ্দিষ্ট মাটিডৰাত শস্য অনুযায়ী কিমান পৰিমাণৰ সাৰ দিব লাগিব, মাটডৰাত চূণ বা জীপচাম প্ৰয়োগ কৰিব লাগিব নেকি আদি অনুমোদন কৰা।

লগতে পঢ়ক- 

Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ

মাটি পৰীক্ষাৰ চাৰিটা পৰ্যায়ঃ

ক) মাটিৰ নমুনা সংগ্ৰহঃ

১) মাটিৰ নমুনা সদায় ৰাতিপুৱা বা আবেলি সময়ত সংগ্ৰহ কৰিব লাগে অৰ্থাৎ সূৰ্য্যৰ প্ৰখৰ ৰ’দ পৰা সময়ত নমুনা সংগ্ৰহ কৰিব নালাগে।

২) মাটিত সাৰ প্ৰয়োগ কৰাৰ আগত আৰু আৰু যিকোনো খেতি এটাৰ শেষত আৰু আন এটা খেতিৰ আগে আগে নমুনা সংগ্ৰহ কৰিব লাগে।

খ) মাটিৰ একক নিৰ্বাচনঃ

মাটিৰ সাৰুৱা গুণ, বৰন, ধৰণ, ভৌগোলিক অৱস্হা আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ একক নিৰ্বাচন কৰাটো প্ৰয়োজন।

গ) নমুনা সংগ্ৰহৰ সময়ত প্ৰয়োজন হোৱা প্ৰয়োজনীয় সজুলিসমূহ হৈছে কোৰ, খুৰণি, প্লাষ্টিকৰ বেগ।

নমুনা সংগ্ৰহৰ নিয়মঃ

১) নমুনা সংগ্ৰহ কৰিব লগীয়া মাটিখিনি বনবাত চাফা কৰি লব লাগে।

২) চাফা কৰি লোৱা মাটিডৰা V আকাৰত কোৰেৰে কাটি হেলনীয়া অংশৰ পৰা মাটি সংগ্ৰহ কৰিব লাগে।

৩) এনে ধৰণে এটা মাটি এককৰ পৰা ১০-১৫ টা মান নমুনা সংগ্ৰহ কৰা হয় আৰু মাটিবোৰ প্লাষ্টিকৰ বেগত ভৰাই নাম লিখি থব লাগে।

৪) এনেদৰে সংগ্ৰহ কৰা মাটিসমূহ এখন কাগজত উলিয়াই তাত থকা শিপা, শিল আদি চাফা কৰি মাটিখিনি সমানে চাৰিভাগ কৰি লব লাগে আৰু তাৰ পৰা দুভাগ ৰাখি দুভাগ আতৰাই পেলাব লাগে।

৫) এনেকৈ ৰৈ যোৱা দুভাগ মাটি আকৌ মিহলি কৰি চাৰিভাগ কৰি আকৌ দুভাগ মাটি বাছনি কৰি লব লাগে। পৰীক্ষাগাৰলৈ পঠিয়াব লগা নমুনা কেতিয়াও ৰদত শুকুৱাব নালাগে তাৰ পৰিবৰ্তে কাগজ এখনত বহলাই মেলি দি ছাঁত শুকুৱাব পাৰি।

 

মাটিৰ নমুনাৰ ৰাসায়নিক বিশ্লেষণঃ

মাটিৰ নমুনাসমূহ পৰীক্ষাগাৰত পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ অন্তত ইয়াৰ ৰাসায়নিক বিশ্লেষণ কৰা হয়। এনে বিশ্লেণৰ দ্বাৰা কোনডৰা মাটিত কিমান পৰিমাণৰ খাদ্য মৌল যেনে নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়ানম, বৰন আদি আছে সেই বিষয়ে জানিব পাৰি।

অনুমোদনঃ

ৰাসায়নিক নমুনাৰ ওপৰত ভিত্তি কৰি মাটিডৰাত শস্য অনুযায়ী সাৰ প্ৰয়োগ কৰা হয়। এনেদৰে সাৰ প্ৰয়োগ কৰিলে শস্যই উপযুক্ত পৰিমাণে সাৰ গ্ৰহণ কৰিব পাৰে আৰু লগতে মাটিৰ গুণাগুনো বিনষ্ট নহয়। এনেবোৰ তথ্য জানিলে ভূমি বিজ্ঞানীসকলে কৃষকসকলক খেতি কৰিবলৈ দিহা পৰামৰ্শ আগবঢ়াবলৈ সুবিধা হয়।

যোৰহাট কৃষি বিশ্ববিদ্যালয় আৰু বিভিন্ন জিলাত অৱস্হিত কৃষি বিজ্ঞান কেন্দ্ৰ সমূহত মাটি পৰীক্ষা কৰাৰ সুবিধা কৰা হয় আৰু প্ৰতি বছৰে ৫ ডিচেম্বৰ তাৰিখে কৃষকসমূহৰ মাজত বিতৰণ কৰা হয়। বৰ্তমানলৈ অসমত প্ৰায় ২৭ লাখতকৈ অধিক ভূমি পৰীক্ষা পত্ৰ বিতৰণ কৰা হৈছে।

মেৰী সাধনা শৰ্মা

কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং

লগতে পঢ়ক-

Winter Crop : কম দিনতে উপাৰ্জন কৰিব পৰা খেতি হিচাপে ৰবি শস্য

English Summary: Soil Health Test
Published on: 22 October 2024, 03:36 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now