অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ গ্ৰাম্য সমাজত অতীজৰে পৰা চলি আহিছে নুনি পঙ্গু আৰু এৰী পালনৰ পৰম্পৰা। সম্প্ৰতি দেশৰ লগতে বিদেশতো বৃদ্ধি পাইছে অসমৰ সোণালী সুতাৰ চাহিদা।অৱশ্যে বিভিন্ন কাৰক, চৰকাৰী অৱহেলা আদিৰ বাবে আজি এৰী শিল্পী এক সংকটৰ সন্মূখীন হ'বলগা হৈছে।
কিন্তু এনে সময়তো এই প্রাচীন ৰেচম শিল্পৰে স্বাৱলম্বিতাৰ প্ৰয়াস কৰি আহিছে ঢকুৱাখনাৰ এখন গাঁৱৰ মহিলাই।বহু বাধা-বিঘিনি নেওচি নুনিপলু আৰু এৰীপলু পালনেৰে পুৰণি ঐতিয্য আৰু পৰম্পৰা ধৰি ৰখাৰ সমান্তৰালকৈ সোণসেৰীয়া জীৱনৰ সপোন ৰচিছে ঢকুৱাখনাৰ জীয়ামৰীয়া গাওঁৰ একাংশ মহিলাই।
লগতে পঢ়ক-
অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে কোনবোৰ সৰিয়হ বীজ অসমৰ মাটিৰ উপযোগী
গাঁওখনৰ মহিলাসকলে বিয়াগোম ৰেচম বিভাগৰ সহায়-সহযোগিতাৰ অবিহনেই পৰম্পৰাগতভাৱে নিজ প্রচেষ্টাৰে নুনিপলু-এৰীপলু পালনেৰে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বহু প্ৰত্যাহ্বান নেওচি গাঁওখনৰ বহু মহিলাই নিজৰ ঘৰতে নুনি,কেচেৰো আৰু এৰা গছ ৰোপণ কৰি পৰম্পৰাগতভাৱে পালন কৰি আহিছে পলু পালন। পলুৰ পৰা এই সকল লোকে নুনি সুতা, কপাহী সূতা তৈয়াৰ কৰে আৰু সেই সূতাৰ পৰা নিজেই তাঁতশালত বৈ উলিয়াই বিভিন্ন ধৰণৰ কাপোৰ আৰু থলুৱা সাজ-পাৰ।
এইসমূহ কাপোৰ বিক্ৰী কৰিয়েই এইসকল উদ্যমী মহিলাই পৰিয়াল পোহপাল দি অহাৰ সমান্তৰালকৈ নিজেও স্বাৱলম্বীতাৰ পথত অগ্ৰসৰ হৈছে। কিন্তু দুখৰ বিষয় যে এইসকল মহিলাই আজি পর্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সাহায্য। পোৱা নাই বিয়াগোম ৰেচম বিভাগৰ সহায়-সহিযোগিতাও। যদিহে চৰকাৰ আৰু ৰেচম বিভাগে এইসকল মহিলাক আত্মনির্ভশীল হোৱাৰ ক্ষেত্ৰত সা-সুবিধা আগবঢ়ায় তেন্তে অনাগত সময়ত অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক-