1. News

ডিঙিত গামোচা লৈ পথাৰত সেৱা ল’লে শিৱসাগৰৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে

Mrigakshi Phukan
Mrigakshi Phukan
Sibsagar DC observes Kati Bihu rituals
Sibsagar DC observes Kati Bihu rituals

কাতি বিহুৰ দিনা ডিঙিত গামোচা লৈ পথাৰত সেৱা কৰিলে শিৱসাগৰৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। উপায়ুক্তগৰাকীয়ে তুলসীৰ তলত চাকি-বন্তি জ্বলায় আৰু ধাননি পথাৰত আকাশবন্তি প্ৰজ্বলনেৰে কাতি বিহুৰ কাৰ্যসূচীৰ সম্পূৰ্ণ কৰে। ৰাইজৰ দিহা-পৰামৰ্শ, সহায়-সহযোগিতাৰে প্ৰায় ২০০ জন কৃষকৰ উপস্থিতিৰে কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰা হয়।

উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে কৃষি বিভাগৰ আঁচনি সমূহৰ সহায়ত কৃষক ৰাইজক আগুৱাই যাবলৈ আহ্বান জনায়। অনুষ্ঠানটোত এঘাৰ গৰাকী প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয়। মুনিন দিহিঙীয়া, হিতেশ্বৰ বৰগোহাঁই, বিনিতা গগৈকে আদি কৰি বহুকেইগৰাকী স্থানীয় ব্যক্তিয়ে অনুস্থানটোত অংশ গ্ৰহণ কৰে।উল্লেখ্য যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ উদ্যোগত ডিমৌ মহকুমা কৃষি বিভাগ আৰু শুকানপুখুৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোহাঁই গাঁৱৰ ৰাইজৰ সহযোগত কাতি বিহু উদযাপন কৰা হয়।

অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি আয়োজিত কাতি বিহুৰ অনুষ্ঠানত পথাৰত বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। তেওঁ খেতিৰ সমৃদ্ধি কামনা কৰি সেৱা প্ৰাৰ্থনা জনায়। অনুষ্ঠানত শিৱসাগৰ জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া, ডিমৌ ৰাজহ চক্ৰ বিষয়া ফিলিচ ভি, এল, ৰাংচাল, প্ৰাক্তন অধ্যক্ষ হিতেশ্বৰ বৰগোহাঁইৰ লগতে কেইবাশতাধিক  ৰাইজ উপস্থিত থাকে। কালি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি পালন কৰা হ’ল কাতি বিহু।

প্ৰতিজন অসমীয়াই ঘৰে ঘৰে চাকি-বন্তি জ্বলাই কঙালী বিহু পালন কৰে। কৃষি বিভাগে লোৱা উদ্যোগ অনুসৰি কালি বিভিন্ন জিলাত চৰকাৰীভাৱে কাতি বিহু পালন কৰা হয়।

লগতে পঢ়কঃ কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ চুকে-কোণে কাতি বিহু পালন

English Summary: Sibsagar DC kati bihu

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.