1. News

কাতি বিহুৰ দিনাই কোনে কন্দুৱালে খেতিয়ক খেমনাথ বৰালক?

KJ Staff
KJ Staff
Farmer-elephant conflict
Farmer-elephant conflict

কাতি বিহুৰ দিনাই উচন হ'ল বাক্সাৰ এজন খেতিয়কৰ পথাৰ৷ বনৰীয়া হাতীৰ জাকে তহিলং কৰিলে খেতিয়কজনৰ বাৰ বিঘা ধান খেতি৷ বিহুৰ দিনাই কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা হাতীয়ে এনেদৰে তচনচ কৰাত হতাশ হৈ পৰিছে বাক্সাৰ ধনশ্ৰীপুৰৰ খেতিয়ক খেমনাথ বৰাল৷ উল্লেখ্য যে, বাক্সাত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ৷ দৈনিক হাতীৰ জাকে সীমান্ত অঞ্চলৰ গাঁওসমূহত প্ৰৱেশ কৰি ঘৰ-বাৰী ভঙাৰ লগতে তহিলং কৰি আহিছে খেতি-বাতি৷

কালি নিশাও জিলাখনৰ বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত ধনশ্ৰীপুৰত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে প্ৰৱেশ কৰি খেমনাথ বৰালৰ বাৰ বিঘা আৰু গনেশ ৰাই নামৰ কৃষকজনৰ দুই বিঘা ধান খেতি তহিলং কৰে৷ হাতীৰ জাকটো নিশা খেদি পঠাবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয় খেতিয়ককেইজন৷ কাতি বিহুৰ দিনাই এনেদৰে নিজৰ খেতিডৰা হাতীয়ে তহিলং কৰাত হতাশ হৈ পৰিছে খেমনাথ বৰাল নামৰ খেতিয়কজন৷ তেওঁ জানিবলৈ দিয়া মতে প্ৰায় বাৰ বিঘা জহা ধানৰ খেতি হাতীয়ে খাই, গচকি নষ্ট কৰে৷ এইক্ষেত্ৰত খেতিয়কজনে ৰাজ্য তথা বিটিচি প্ৰশাসনক অনুদান দিবলৈ আব্বান জনায়৷

উল্লেখ্য যে, ৰাজ্যত প্ৰায়ে হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুওৱা দেখা গৈছে। ক’ৰবাত যদি ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে। খেতিপথাৰত কপালৰ ঘাম মাটিত পেলাই শস্য উৎপাদন কৰিলেও ভঁৰালত সুমুৱাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে একমাত্ৰ বন্যহস্তীৰ বাবে। বানপানীৰ সমানেই বন্যহস্তীয়েও ভাঙি চূৰমাৰ কৰিছে কৃষকৰ সপোন। আনকি ভঁৰালত ৰখা ধানো হাতীৰ বাবে হেৰুৱাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলি সততে ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছে। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া। কেতিয়াবা বনকৰ্মী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি নোহোৱাও নহয়। আনকি উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীবৰ্ষণ কৰিবলগীয়াও হৈছে। ভুক্ত্ভোগী ৰাইজে প্ৰায়ে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি বন কাৰ্যালয় ঘেৰাও, পথ অৱৰোধ, বনকৰ্মীক আবদ্ধ কৰাৰ লগতে প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈ আহিছে। ৰাইজে হাতী খেদিবলৈ জুই, টিন বজোৱা আদিৰ বাহিৰে অন্য উপায় নাথাকে। এনে কৰিবলৈ যাওঁতে কেতিয়াবা হাতীৰ জাকে উভতি ধৰি আক্ৰমণ চলায় বা উপদ্ৰৱ কৰে। বনকৰ্মীৰ হাততো নাই অত্যাধুনিক যান-বাহন। সেইবাবে হাতী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

লগতে পঢ়কঃ বানপীড়িত আৰু ছন পৰা মাটিত জোৱাৰ খেতি পৰিকল্পনা অসম চৰকাৰৰ

English Summary: elephant and farmer conflict

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.