1. News

৮ মাহ পূৰ্বে লিভাৰ দান কৰা শৰত বৰুৱাৰ ১৮ বিঘা মাটিত তৰমুজ, ষ্ট্ৰবেৰী খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Sharat Baruah
Sharat Baruah

প্ৰচুৰ মানসিক সাহস আৰু দৃঢ় মনোবলৰ অধিকাৰী এগৰাকী যুৱ কৃষক৷  কেৰটিনা, ভেলেন্টিনা আদি কবিৰ খেতি কৰি এবছৰ পূৰ্ৱে সমগ্ৰ জিলাখনতেই চৰ্চা লাভ কৰা এইগৰাকী যুৱ কৃষ থমকি ৰ’ব লগা হৈছিল একমাত্ৰ শাৰীৰিক অসুবিধাৰ বাবে ৷

কাৰণ ৮ মাহ পূৰ্বে নিজৰ লিভাৰ দান কৰি নিজ সাংবাদিক ভাতৃ ৰাজু বৰুৱাক নতুন জীৱন দিছিল এইগৰাকী যুৱ কৃষক তথা জ্যেষ্ঠ ভাতৃয়ে ৷ তথাপিও মনৰ সাহস আৰু মনোবল অটুট থকাৰ বাবেই জিৰণিৰ পৰিৱৰ্তে অতি কম সময়ৰ ভিতৰতে পুনৰ নামি পৰিছে জীৱণ সংগ্ৰামৰ পথ সপোনৰ খেতিপথাৰডৰাত ৷ এই গৰাকী যুৱ আদৰ্শ কৃষক জামুগুৰিহাটৰ চামধৰা গাঁৱৰ শৰৎ বৰুৱা ৷

লগতে পঢ়ক- 

জানুৱাৰী-ফেব্ৰুৱাৰীতে আগতীয়াকৈ আৰম্ভ কৰক জিকাৰ খেতি!

পুনৰ নতুন উদ্যমৰে খেতিত হাত দিয়া এইগৰাকী যুৱ কৃষকে শাৰিৰীক অসুবিধাকো নেওচি এইবেলিও প্ৰায় ১৮ বিঘা মাটিত পৃথক পৃথককৈ কৰিবলৈ আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ তৰমুজ, বিলাহী, জিকা, আলু, কবি আদি কেবাবিধো খেতি ৷ মনৰ অদম্য সাহসত নিজক নিয়োজিত কৰি এইগৰাকী যুৱ কৃষকে প্ৰমাণ কৰি দেখুৱাইছে যে “মনত সাহস আৰু দৃঢ়তা থাকিলে যিকোনো কঠিন পৰিস্থিতিকো চম্ভালিব পাৰি”৷

আদৰ্শ যুৱ কৃষকগৰাকীৰ অদম্য সাহস আৰু মনোবলক আমিও জনাইছো চেল্যুট ৷ ব্যতিক্ৰমধৰ্মী কৃষিকৰ্মৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা শৰৎ বৰুৱাই কৃষিকৰ্মৰ জৰিয়তে নিজক সমগ্ৰ ৰাজ্যখনতেই জিলিকাই তুলিবলৈ সক্ষম হঁওক আৰু শীঘ্ৰে সুস্থ হৈ উঠাৰো কামনা কৰিলোঁ৷

লগতে পঢ়ক- 

মাৰ্চ-এপ্ৰিলতে কৃষকসকলে আৰম্ভ কৰক নেডাৰলেণ্ডৰ ক’লা জিকাৰ খেতি

English Summary: Sharat Baroua is a tireless man

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.