1. News

তামুলপুৰত ফল-মূল সংৰক্ষণৰ প্ৰশিক্ষণ

RAHUL ALI
RAHUL ALI
তামুলপুৰত ফল-মূল সংৰক্ষণৰ প্ৰশিক্ষণ
তামুলপুৰত ফল-মূল সংৰক্ষণৰ প্ৰশিক্ষণ

কেন্দ্ৰীয় চৰকাৰৰ লঘু , ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বিভাগৰ উদ্যোগত আৰু তামুলপুৰ জিলা সদৰস্থ বাৰেইগাঁৱত অৱস্থিত বেচৰকাৰী সংস্থা দাঁও হাৰু কল্যান সংস্থাৰ সহযোগত ৰাজহুৱা উদ্যান প্ৰাংগনত ডেৰ মাহযোৰা ফল-মূল সংৰক্ষণৰ এটি প্ৰশিক্ষণ শিবিৰৰ সামৰনি পৰে৷ খাদ্য সংশাধন উদ্যমিতা বিকাশৰ কাৰনে যোৱা ১২ জানুৱাৰীত  আৰম্ভ কৰা ফল-মূল প্ৰশিক্ষণ শিবিৰত ২৫ গৰাকী পুৰুষ- মহিলাই  থলুৱা ফল মূলৰ আচাৰ, জাম জেলি আদি বনোৱা প্ৰশিক্ষণ গ্ৰহন কৰে৷

প্ৰশিক্ষণৰ সময়ত সমল ব্যক্তি হিচাবে উপস্থিত থাকে  ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰশিক্ষক সবিতা দেৱী, ৰীতামনি ডেকা, শ্যামকুমাৰ খাখলাৰীয়ে৷  আজি এই প্ৰশিক্ষণৰ সফল সামৰণি পৰে৷ সামৰনি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে বিভিন্ন থলুৱাজাতৰ ফল ফকাৰৰ পৰা বনোৱা আচাৰ জাম জেলী প্ৰদৰ্শন কৰে৷ তদুপলক্ষে এক সামৰনি অনুষ্ঠানৰ আয়োজন কৰি প্ৰশিক্ষাৰ্থী সকলৰ মাজত একোখনকৈ  প্ৰমান পত্ৰ প্ৰদান কৰা হয়৷

আনহাতে প্ৰশিক্ষিত পুৰুষ মহিলা সকলক উদ্যোগ বিভাগৰ  জৰিয়তে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ কাৰনে সুবিধা আগবঢ়াব ৷ আজিৰ সামৰনি অনুষ্ঠানত বেচৰকাৰী সংস্থাটোৰ সম্পাদিক ৰেশমা দৈমাৰী আৰু সভাপতি কমলেশ্বৰ বড়ো সহ প্ৰশিক্ষাৰ্থী সকল উপস্থিত আছিল।

প্ৰশিক্ষাৰ্থী সকলে ভৱিষ্যতে উদ্যোগ বিভাগৰ দ্বাৰা দক্ষতা বিকাশৰ এনেধৰণৰ প্ৰশিক্ষণ গ্ৰহন কৰিবলৈ আগ্ৰহী ৷ এই প্ৰশিক্ষণৰ কাৰনে উদ্যোগ বিভাগক প্ৰশিক্ষাৰ্থী সকলে ধন্যবাদ জ্ঞাপন কৰিছে৷

উৎপল ডেকা, তামুলপুৰ

লগতে পঢ়ক-২০০৮ চনত স্বামীক হেৰুৱাই কণিকা তালুকদাৰে ছমহীয়া কন্যা সন্তানক বুকুত লৈ আৰম্ভ কৰে এই যাত্ৰা...

English Summary: Training in fruit conservation in Tamulpur

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.