1. News

NMCH : নগাঁও চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে এন এম চিৰ স্বীকৃতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
অসমত বাঢ়িল আৰু এখন চিকিৎসা মহাবিদ্যালয়
অসমত বাঢ়িল আৰু এখন চিকিৎসা মহাবিদ্যালয়

ৰাজ্যবাসীৰ বাবে পুনৰ আন এক সুখবৰ আহিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)ৰ পৰা। অসমৰ একাদশখন চিকিৎসা মহাবিদ্যালয়ৰূপে এন এম চিয়ে অনুমোদন জনাইছে নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ।  ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ বিশেষজ্ঞ দল এটাই বুধবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি উভতি যোৱাৰ এদিন পাছতে বৃহস্পতিবাৰে বিয়লি আয়োগে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ লৈ এক ই-মেইল প্ৰেৰণ কৰি চিকিৎসা মহাবিদ্যালয়খনক অনুমতি প্ৰদানৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

আয়োগৰ 'মেডিকেল এছেছমেণ্ট আৰু ৰেটিং বোৰ্ড' (এমএআৰবি)ৰ অধ্যক্ষই ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনত উল্লেখ কৰা মতে, নগাঁও চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই এমবিবিএছৰ ১০০খন আসনেৰে চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে। বুধবাৰে হোৱা এনএমচিৰ বিশেষজ্ঞ দলৰ আকস্মিক পৰিদৰ্শনত নৱনিৰ্মিত নগাঁও চিকিৎসা মহাবিদ্যালয়ে আন্তঃগাথঁনিকে ধৰি আয়োগৰ অনুমতি লাভৰ ক্ষেত্ৰত বাধ্যতামূলক চৰ্তাৱলীসমূহ পূৰণ কৰিবলৈ সক্ষম হোৱাটো প্ৰতীয়মান হোৱাৰ বাবেই আয়োগে এই ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে পঢ়ক- 

 মৰিগাঁৱত এপাৰ্টৰ অধিনত উন্নত প্ৰজাতিৰ লেডী ৰজেটাৰ আলু খেতি

পত্ৰখনত আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা মতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাথঁনিগত সা-সুবিধা, পৰীক্ষাগাৰ, গ্ৰন্থাগাৰ, ছাত্ৰাবাস-ছাত্ৰীবাস, চিকিৎসালয়, পৰ্যাপ্ত সংখ্যক অধ্যাপক-অধ্যাপিকা, জ্যেষ্ঠ আৱাসিক চিকিৎসকৰ উপলবদ্ধতাক লৈ আয়োগৰ পৰিদৰ্শনকাৰী দলে প্ৰতিবেদনত সন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে এঘাৰ দিন পূৰ্বে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়কো ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই ১০০খন এমবিবিএছ আসনসহ পাঠদানৰ বাবে অনুমতি প্ৰদান কৰে।

কোকৰাঝাৰৰ পাছতে নগাঁও চিকিৎসা মহাবিদ্যালয়কো শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলিৰ অনুমতি প্ৰদান কৰিলে এনএমচিয়ে। ইফালে, কোকৰাঝাৰৰ পাছত নগাঁও চিকিৎসা মহাবিদ্যালয়েও এনএমচিৰ অনুমতি আহৰণ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই।

লগতে পঢ়ক- 

গোলাঘাট কলিয়াপানীত তৈল খেজুৰ খেতি সন্দৰ্ভত কৰ্মশালা

English Summary: NMCH Recognition to Nagaon Medical College

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.