1. News

কৃষকসকলৰ বাবে ভাল খবৰ.... আহি আছে ৰাইচ ডাক্টৰ এপছ্

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ডাক্টৰ ৰাইছ এপ
ডাক্টৰ ৰাইছ এপ

ৰাজ্যৰ ধান খেতিয়কসকলৰ বাবে এটা ভাল খবৰ। ধান ৰোগ নিৰ্ণয় কৰিব পাৰিব এটা মবাইল এপৰ জড়িয়তে। ৰাইছ্ ডাক্টৰ নামৰ এপছটোৱে নিৰ্ণয় কৰিব পাৰিব ধানৰ ৰোগ। ধানজোপা ৰোগীয়া হোৱাৰ লগে লগেই ৰাইচ এপটোৰ দ্বাৰা পৰীক্ষা কৰিলেই কৃষকজনে গম পাব ধানত কি ৰোগ হৈছে।

কেৱল ৰোগ চিনাক্তকৰণেই নহয় এই এপটোৱে প্ৰতিৰোধ কিদৰে কৰিব পাৰি এই সন্দৰ্ভতো সবিশেষ জনাব কৃষকক। ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে উন্মোচন কৰে এই ৰাইছ ডাক্টৰ এপছটো।

গৱেষকসকলে কয় যে অসমৰ সকলো ধান ধানখেতিৰ কৃষকসকলে বিনামূলীয়াকৈ এপটোৰ সুবিধা লাভ কৰি ইয়াৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব। ধান অসমৰ প্ৰধান শস্য। মুঠ খেতি কৰা মাটিৰ প্ৰায় ৭০% ত ধান খেতি কৰা হয় ৷

কিন্তু ৰাজ্যখনৰ উচ্চ আৰ্দ্ৰ আৰু ডাৱৰীয়া বতৰৰ বাবে পোক , কীট-পতংগৰ বাবে বিভিন্ন সময়ত ধানৰ ৰোগ হয়। যাৰ ফলত মুঠ ধান উৎপাদনৰ প্ৰায় ১৫-২০ % উৎপাদন ক্ষতি হয় বুলি বিশেষজ্ঞসকলে কয় ৷ কিন্তু ডাক্তৰ ৰাইছৰ উদ্ভাৱনে কৃষকক ৰাইজক সম্পূৰ্ণ নহ’লেও এই ক্ষেত্ৰত অলপ সকাহ দিব।

লগতে পঢ়ক- চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে

English Summary: rice doctor apps

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.