1. News

নিজৰ লগতে দুজনক দিছে কৰ্ম সংস্থাপন মানসে

KJ Staff
KJ Staff
নিজৰ লগতে দুজনক দিছে কৰ্ম সংস্থাপন মানস প্ৰতিম বৰুৱাই
নিজৰ লগতে দুজনক দিছে কৰ্ম সংস্থাপন মানস প্ৰতিম বৰুৱাই

চাকৰি নাপাই অসমৰ একাংশ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ গমন কৰা সময়তে জাগুণত এজন যুৱকে গাহৰি পানৰ লগতে মিশ্ৰিত কৃষিৰে এক স্বচ্ছল জীৱন কটাইছে। লগতে তেওঁ ওচৰে দুজনকৈ লোকক দিছে কৰ্মসংস্থাপনৰ বাট।

জাগুণৰ অসম-অৰুণাচল সীমান্তৱৰ্তীৰ ফানেং গাঁৱৰৰ মানসপ্ৰতীম বৰুৱাই ঘৰতে এখন গাহৰি ফাৰ্ম খুলি গাহৰি পালন কৰি আহিছে দীৰ্ঘদিন ধৰি। গাহৰিৰ পালনৰ লগতে তেওঁ নিয়মিতভাৱে কৰি আহিছে ঋতুকালীন শস্য। বিভিন্ন প্ৰজাতিৰ কল, তামোল আৰু অমিতাৰ খেতিও কৰি আহিছে মানস প্ৰতীম বৰুৱাই।

ইফালে মানসপ্ৰতীমৰ এই কৃষিপদ্ধতি বহুজনৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। সাধাৰণতে গাহৰি পালক বা খেতিয়কসকলৰ সমাজত সন্মান কম। কিন্তু এই কথাষাৰ এতিয়া নাখাটে মানসপ্ৰতীম বৰুৱাৰ ক্ষেত্ৰত। বিভিন্ন সময়ত তেওঁৰ এই কৃষি পদ্ধতি লগতে গাহৰি পালন সম্পৰ্কে জানিবলৈ সংবাদ মাধ্যমৰ লোকৰ সমাগম ঘটে। তেওঁৰ সাক্ষাতকাৰ লয়। ইফালে তেওঁকে আদৰ্শ কৰি বহু যুৱকে কেৱল চাকৰি পাছত নুঘুৰি এনেদৰে মিশ্ৰিত কৃষি পদ্ধতিৰে খেতি কৰিবলৈ প্ৰেৰণা আৰু সাহস পাইছে।

আমাৰ বহু যুৱ-প্ৰজন্মই ঘৰতে মাটি-বাৰী থকাৰ স্বত্তেও বহিঃৰাজ্যত গৈ ১২-১৩ হাজাৰ দৰমহাত কোম্পানীৰ কৰি থাকে। কামো কৰিব লগা হয় দৈনিক ১০-১২ ঘন্টা। কিন্তু নিজৰ ঘৰৰ মাটি-বাৰীখিনিকে মানসপ্ৰতীমৰ দৰে ব্যৱহাৰ কৰি স্বাৱলম্বণ হ’ব পাৰে। নিজৰ লগতে আন দুজনক আত্মসংস্থাপনৰ বাট দেখুৱাব পাৰে। লগতে স্বচ্ছল আৰু সন্মানসহকাৰে জীৱনটো যাপন কৰিব পাৰে।

লগতে পঢ়ক- ৫৯ বছৰ বয়সতো বছৰি ২ লাখ টকা উপাৰ্জন ডিমাকুছিৰ বিষ্ণু খড়েলৰ

English Summary: Success farmers Manaspratim boruah

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.