1. News

শিশু ৰক্ষা মোবাইল এপ আৰু টিকাকৰণ কেন্দ্ৰ মুকলি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pranita Chutia
Pranita Chutia
Sarbananda Sonowal Inaugurating Vaccination Centre
Sarbananda Sonowal Inaugurating Vaccination Centre

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 24 জুলাই 2022 তাৰিখে সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত শিশুৰ বাবে টিকাকৰণ কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ উপৰিও, তেওঁ বাল ৰক্ষা মোবাইল এপও মুকলি কৰে, যাৰ উদ্দেশ্য হৈছে আয়ুৰ্বেদিক হস্তক্ষেপৰ জৰিয়তে শিশু ৰোগ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ বিষয়ে অভিভাৱকৰ সজাগতা বৃদ্ধি কৰা।

এপটোৱে শিশুসকলৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধক্ষমতাৰ ওপৰত কিটৰ প্ৰভাৱৰ বিষয়ে অভিভাৱকৰ পৰা মতামত বিচাৰিব।

সোণোৱালে স্বৰ্গীয় ড০ সঞ্জয় গুপ্তাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, 2020 চনত মহামাৰীত আক্ৰান্ত হোৱাৰ পূৰ্বে এআইআইএৰ শালিয়া তন্ত্ৰ বিভাগত এইচ.ও.ডি. হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল স্বৰ্গীয় ড০ সঞ্জয় গুপ্তাই ।

মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলৰ সৈতেও কথা পাতিছিল, আয়ুৰ্বেদে কেনেদৰে বিশ্বব্যাপী গ্ৰহণযোগ্যতা লাভ কৰিছে আৰু আয়ুৰ্বেদ অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ইয়াৰ অৰ্থ কি সেই বিষয়ে অন্তৰ্দৃষ্টি ভাগ বতৰা কৰি তেওঁলোকক অনুপ্ৰাণিত কৰে।

এআইআইএডিৰ সঞ্চালক ড০ তনুজা মনোজ নেছাৰী আৰু শিক্ষক সদস্যসকলে সোণোৱালৰ আগমনৰ পিছত শুভেচ্ছা জ্ঞাপন কৰে। 

উত্তৰ প্ৰদেশৰ মালিহাবাদৰ বিধায়ক জয় দেৱী কৌশলো উপস্থিত আছিল অনুস্থানটোত। তেওঁ প্ৰতিষ্ঠানটোৰ বৃক্ষৰোপণ অভিযানৰ বাবে কিছুমান গছপুলি আনিছিল। সোণোৱাল, কৌশল আৰু ড. নেছাৰীয়ে বাগিচাখনত গছপুলি ৰোপণ কৰে আৰু ভ্ৰমণ কৰে প্ৰতিষ্ঠানটো।

আয়ুষ মন্ত্ৰালয়ৰ অধীনৰ এক স্বায়ত্তশাসিত সংগঠন অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদৰ লক্ষ্য হৈছে পৰম্পৰাগত আয়ুৰ্বেদিক জ্ঞান আৰু আধুনিক সঁজুলি আৰু প্ৰযুক্তিক একত্ৰিত কৰা।

প্ৰতিষ্ঠানটোত 12 টা বিশেষ বিভাগ, 30 টা বহিৰ্বিভাগৰ ক্লিনিক আছে যাৰ অত্যাধুনিক আন্তঃশাখা গৱেষণা, গৱেষণাগাৰ আছে, আৰু বিশ্বব্যাপী আয়ুৰ্বেদিক প্ৰচাৰ আৰু গৱেষণাৰ বাবে এক আন্তৰ্জাতিক সহযোগিতামূলক কেন্দ্ৰ আছে।

আয়ুৰ্বেদ হৈছে বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা আৰু স্বাস্থ্য বিজ্ঞান প্ৰণালী, যি 3,000 বছৰতকৈও অধিক পুৰণি। কোভিড যুগত, এ.আই.আই.এ.-য়ে কোভিড হেল্থকেয়াৰ চেণ্টাৰত ৰোগীসকলৰ চিকিৎসাত ইয়াৰ "সহানুভূতিৰে যত্ন" লক্ষ্য অনুসৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

লগতে পঢ়কঃ এবছৰ অতিক্ৰম কৰিলে গৰুখুঁটি প্ৰকল্পই! প্ৰথম বৰ্ষত আয় ১ কোটি ১১ লাখ

English Summary: Sarbananda Sonowal Inaugurating Vaccination Centre

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.