1. News

এবছৰ অতিক্ৰম কৰিলে গৰুখুঁটি প্ৰকল্পই! প্ৰথম বৰ্ষত আয় ১ কোটি ১১ লাখ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

২১ জুলাইত বিতৰ্কিত গৰুখুঁটি প্ৰকল্পই অতিক্ৰম কৰিলে এটা বছৰ।  ১ টা বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা হয় প্ৰথম বাৰ্ষিকী অনুষ্ঠান। পুৱা বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, ভূমিপূজনেৰে আৰম্ভ হোৱা অনুষ্ঠানত অনুষ্ঠানত উপস্থিত থাকে  স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বহু বিশিষ্ট ব্যক্তি।

অনুষ্ঠানৰ অন্ততঃ এক সংবাদমেলযোগে এবছৰত প্ৰকল্পটোৰ নামত কিমান ধন ব্যয় হল সেয়া সদৰি কৰে প্ৰকল্পটোৰ দায়িত্বত থকা অধ্যক্ষ পদ্ম হাজৰিকাই। প্ৰকল্পটোৰ নামত ৰাজ্যৰ কৃষি বিভাগে আৱন্টন দিছিল মুঠ ৯,৫২,৯৩,৩৪৮ টকা। ইয়াৰে যোৱা এটা বছৰত ব্যয় হয় ৫,২৩,০৭,৬৮৩ টকা। প্ৰকল্পৰ নামত এতিয়া জমা আছে ৪ কোটি ২৯ লাখ ৮৫ হাজাৰ ৬৬৫ টকা।

প্ৰকল্পস্থলীত বিভিন্ন শাক পাচলি, সৰিয়হ আদিৰ খেতি কৰা হৈছিল। এনে কৃষিজাত সামগ্ৰীৰ বিক্ৰী পৰা মুঠ আয় হৈছিল ৯৬ লাখ ৮১হাজাৰ ২৮৫ টকা। এই শস্য সমূহৰ খেতি কৰোতে ব্যয় হৈছিল ৬৭ লাখ ৯০ হাজাৰ ০০৮ টকা। অৰ্থাৎ কৃষিজাত সামগ্ৰীৰ পৰা গৰুখুটি প্ৰকল্পই এটা বছৰত লাভ কৰিবলৈ সক্ষম হল ২৮ লাখ ৯১ হাজাৰ ২৭৭ টকা।

ইফালে, গাখীৰ আৰু দৈ বিক্ৰীৰ জৰিয়তে গৰুখুটি প্ৰকল্পই আয় কৰে ১৩ লাখ ৮৯ হাজাৰ ৭০৫ টকা। অন্যান্য সামগ্ৰী বিক্ৰীৰ জৰিয়তে গৰুখুটি প্ৰকল্পই ৭৯ হাজাৰ ২৭৮ টকা আয় কৰিবলৈ সক্ষম হয়। প্ৰথমতো বৰ্ষতে গৰুখুটি প্ৰকল্পৰ জৰিয়তে আয় হৈছে ১ কোটি ১১ লাখ ৫০ হাজাৰ ২৬৮ টকা। 

লগতে পঢ়ক- ‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ জৰিয়তে শিপিনীৰ পৰা চৰকাৰে ক্ৰয় কৰিব তাঁতশালত বোৱা কাপোৰ

English Summary: Garukhuti Prakalpa Anniversary

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.