1. News

ছোৱাইন ফ্লুত মৃত্যু হোৱা আপোনাৰ গাহৰিটোৰ বিনিময়ত কিমান টকা পাব? !

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা
মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰা

চৰকাৰৰ এছ অ’ পি অনুসৰি যিগৰাকী পালকৰ গাহৰিৰ দেহত ৰেপিড টেষ্টৰ অন্তত ছোৱাইন ফ্লুৰ  পজিটিভ পোৱা হ’ব সেই গাহৰি পুতি থোৱা হব আৰু ১০ দিনৰ ভিতৰত পুতি থলে গাহৰি পালকক চৰকাৰে সাহায্য প্ৰদান কৰিব।

এছ অ’ পি অনুসৰি গাহৰি পালকক ক্ষতিপূৰণ হিচাপে ১৫ কিলোগ্ৰাম পৰ্যন্ত গাহৰিৰ বিনিময়ত ২,২০০ টকা১৫ কেজিৰ পৰা ৪০ কেজি পৰ্যন্ত গাহৰিৰ বিনিময়ত ৫,৮০০ টকাপ্ৰাপ্তবয়স্ক প্ৰজননক্ষম ৪০ ৰ পৰা ৭০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ৮,৪০০ টকা৭০ ৰ পৰা ১০০ কেজি ওজনৰ গাহৰিৰ বিনিময়ত ১,২০০০ আৰু ১০০ কেজিৰো অধিক প্ৰজননক্ষম ওজনৰ গাহৰিৰ বিনিময়ত ১৫,০০০ টকাকৈ প্ৰদান কৰিব।

ইয়াৰ উপৰি বিনষ্ট কৰা দানাৰ  প্ৰতি কেজিত ২২ টকাকৈ দিয়াকৈ ব্যৱস্থা কৰিছে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইফালে চৰকাৰীভাৱে গাহৰিসমূহ নিধন কৰাৰ ১০ দিনৰ পাছতে ক্ষতিপূৰণ প্ৰদান কৰা বিষয়ে উল্লেখ কৰিছে ৰাজ্য চৰকাৰৰ প্ৰতিবেদনত।  প্ৰতিবেদন অনুসৰি সংক্ৰমিত এলেকাত চৰকাৰীভাৱে নিধন কৰা গাহৰিসমূহৰ ক্ষতিপূৰণ ১০ দিনৰ ভিতৰত গাহৰিৰ গৰাকীক আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে ।

ছোৱাইন ফ্লুৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা  কামৰ খতিয়ান
ছোৱাইন ফ্লুৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কামৰ খতিয়ান

উল্লেখ্য যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবেই বহু গাহৰি মাংসৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। গঠন কৰা হৈছে ৪২৭ টা ৰেপিড ৰেচপনছ টিম। চৰকাৰে গাহৰি ব্যৱসায় পুনৰুজ্জীৱিত কৰিবলৈ বিশেষ আঁচনিও গ্ৰহণৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক- শীঘ্ৰেই নাজিৰাত স্থাপন হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম গাহৰি মাংস সংসাধন প্রকল্প

English Summary: How much money will you get for your pig who died of swine flu!

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.