আজি কেইদিনমানৰ আগতে ওৰিষ্যাৰ এজন সাংবাদিক বন্ধুক কথা প্ৰসংগতে সুধিলো– আপুনি শংকৰদেৱৰ নাম শুনিছেনে! সি ক’লে কোন হয়! মই বোলো অসমীয়া জাতিৰ ফাউণ্ডেশ্যন তেওঁৱেই মাৰি থৈ গৈছে৷ লগতে তাক ক’লো– উৰিয়া, অসমীয়া, বাংলা, মৈথিলী সংমিশ্ৰিত এটা কৃত্ৰিম ভাষা সৃষ্টি কৰি গীত-নৃত্য, নাটক লিখিছিল, ভাগৱত-পুৰাণৰ অনুবাদ কৰিছিল৷ নামঘৰ নামৰ অনুষ্ঠানৰ সৃষ্টি কৰিছিল৷ লাইব্ৰেৰিসমূহ বিভিন্ন ঠাইত থকাৰ দৰেই অসমৰ প্ৰতিখন গাঁৱত তেওঁৰ সৃষ্ট এই নামঘৰ আছে৷ তেৰশ-চৈধ্যশ শতিকাতে তেওঁ বলী বিধান, মূৰ্তিপূজা আদিৰ পৰা অসমীয়া মানুহক আঁতৰাই ৰাখিছিল আৰু নিম্নজাতি-উচ্চ জাতি, হিন্দু-মুছলমান বিচাৰ নকৰি অসমৰ সকলোশ্ৰেণী মানুহক এটা ছাতিৰ তলত ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল৷ মাজতে শুভানসুৱে মানে উৰিষ্যাৰ মোৰ সাংবাদিক বন্ধুজনে ‘আউ ইন্টাৰেষ্টিং’ বুলি ক’লে৷ মই অলপ উচ্ছাস পাই পুনৰ ক’লো- মই শংকৰদেৱে লিখি থৈ যোৱা এষাৰ কথা শুনাম হা- কুকুৰ শৃগালৰ গৰ্দভৰো আত্ম ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম৷ সি অলপ অলপ বুজি পাইছিলেই কাৰণ উৰিয়াৰ লগত ব্ৰজাৱলীৰ ভাষাৰ অকণমান মিল আছেই৷ হ’লেও মই তাক হিন্দিতে বুজাই দিলোঁ৷ এই কথাখিনিৰ সলনি মই আমাৰ অসমৰ অধিকাংশ মানুহে কোৱাৰ দৰে শংকৰদেৱ ভগৱান, শংকৰদেৱৰ চাৰিখন হাত আছিল, তেওঁ চুই দিলেই চিঙা কাণখন জোৰা লাগিছিল, তেওঁ গাহৰি, কুকুৰাপোহা ভকতসকলক এঘৰীয়া কৰিছিল, অন্য ধৰ্মৰ লোকৰ ঘৰত খালে প্ৰায়শ্চিত কৰিছিল আদি কথাবোৰ মই ক’ব নোৱাৰো৷ কাৰণ এইবোৰে শংকৰদেৱক তথাকথিত বাবাৰ পৰ্যায়লৈহে লৈ যাব৷ আৰু শংকৰদেৱে কেতিয়াও এনেবোৰ কথা কোৱা নাছিল৷
উৰিষ্যাৰ সাংবাদিক বন্ধুজনক মই শংকৰদেৱৰ সৃষ্ট সত্ৰবিলাকৰ কথাও ক’ব নোৱাৰিলো৷ কাৰণ সত্ৰবিলাকত কি হয় বুলি সুধি দিলে মই ক’ব নোৱাৰিম- শংকৰদেৱে সত্ৰবিলাকত কেৱল শৰ্মা, দেৱগোস্বামী, মহন্ত আদি উপাধিধাকৰী উচ্চবৰ্ণৰ লোকসকলকহে সত্ৰাধিকাৰ হোৱা অধিকাৰ দি গৈছে বুলি৷ মই ক’ব নোৱাৰিম এনে বহু সত্ৰ আছে মহিলাসকলৰ প্ৰৱেশ নিষিদ্ধ, আৰু নিম্ন জাতি বুলি সমাজে গণ্য কৰা লোকসকলৰ প্ৰৱেশ পথ শংকৰদেৱে ছীল কৰি থৈ গৈছে বুলি৷ মোৰ বন্ধুজন কৈৱৰ্ত জাতিৰ লোক আছিল গতিকে তাকতো মই এইষাৰ কথা কোনোপধ্যই ক’ব নোৱাৰিম কাৰণ সি যদি এই সত্ৰবিলাকলৈ আহে সি সত্ৰত পানী খোৱা গিলাচটোত এহাত ওপৰৰ পৰা সত্ৰৰ ভকতসকলে বাকী দিব আৰু পানী খাই নিজেই গিলাচটো ধুব লাগিব আৰু গিলাচটো নিম্নশ্ৰেণীৰ লোকসকলে সকলে খোৱা গিলাচৰ লগত থব লাগিব৷ [ কোনোবাই যদি মই এই কথাবোৰ মিছা কৈছো বুলি ভাৱে মাজুলিৰ ভোগপুৰ সত্ৰলৈ যাব৷ ] গতিকে শংকৰদেৱৰ সৃষ্ট এই সত্ৰবিলাকৰ কথা নক’লো৷ এই কথাখিনি তাক কৈ যদি মই সত্ৰবিলাকেই শংকৰী সংস্কৃতি ধৰি ৰাখিছে বুলি কওঁ সি বাৰু শংকৰদেৱক কি বুলি ভাবিব! সত্ৰৰ বিষয়ে নোকোৱা আন এটা কাৰণ হ’ল- সত্ৰৰ ভকতসকলে বছৰৰ মূৰত চহৰ ফুৰিবলৈ যায়৷ চহৰ ফুৰিবলৈ যাওঁতে সত্ৰৰ ভকতসকলে তেওঁলোকৰ শিষ্যসকলৰ পৰা চাউল-ধান, টকা, পইচা, শাক-পাচলি যি পায় লৈ আহে৷ কিন্তু চহৰ ফুৰিবলৈ যোৱা সত্ৰৰ ভকতসকলে শিষ্যসকলৰ হাতৰ ঠাণ্ডা পানী এটোপাও নাখায়৷ নিজে ভাত বনায় খাব৷ কাৰণ শিষ্যসকলৰ হাতেৰে খালে তেওঁৰ চুৱা লাগিব৷ ধৰ্ম নষ্ট হয়৷ এইবিলাক কথা মই মোৰ বন্ধুজনক কিদৰে কওঁ৷
লগতে পঢ়ক-
নেমু গছৰ ডাল ধৰা পদ্ধতিৰে উৎপাদন কৰা পুলিত এবছৰতে লাগে ফল
ইয়াৰ সলনি মই ক’লো আমাৰ অসমৰ মানুহে বিশ্বত শংকৰদেৱৰ সমতূল্য ব্যক্তি হিচাপে পৃথিবীৰ সৰ্বকালৰ সৰ্বেশ্ৰেষ্ঠ চিত্ৰকৰ লিঅ’নাৰ্ড ভিন্সিক গণ্য কৰে৷ কাৰণ ভিন্সিৰ দৰে শংকৰদেৱো আছিল বহু প্ৰতিভাধৰ ব্যক্তি৷ লিঅ’নাৰ্ড ভিন্সি ইউৰোপৰ নৱজাগৰণৰ জীৱন্ত প্ৰতিমূৰ্তি আৰু শংকৰদেৱো অসমীয়া নৱজাগৰণৰ এজন প্ৰতিমূৰ্তি৷ ‘কিন্তু শংকৰদেৱতো ইশ্বৰবিশ্বাসী আৰু পৰজন্মত বিশ্বাসী ইয়াৰ বিপৰীতে লিঅ’নাৰ্ড আছিল ইশ্বৰ আৰু ধৰ্ম উধ্বৰ্ৰ মুক্তচিন্তাৰ বাঢ়ক৷ তেনেক্ষেত্ৰত শংকৰদেৱ কিদৰে লিঅ’নাৰ্ড ভিন্সিৰ সমপৰ্যায়ৰ ব্যক্তি’- বন্ধুজনে মোক উভতি ধৰিলে৷ মই থমমত খাই গৈছিলো৷ মই ক’লো– শংকৰদেৱো এইক্ষেত্ৰত ভিন্সিতকৈ কোনো কম নাছিল৷ কাৰণ শংকৰদেৱৰ সমসাময়িক অসমখনত তেত্ৰিছকোটি দেৱতাক পূজা কৰাৰ নিয়ম আছিল৷ কিন্তু শংকৰদেৱে এই তেত্ৰিছ কোটি দেৱতাক পূজা কৰাৰ পৰা জনসাধাৰণক আঁতৰাই ৰাখি কৃষ্ণক আৰধনা কৰিবলৈ আহ্বান কৰিছিল৷ সেইখিনি সময়ত এই চিন্তাও খুব নতুন আৰু দুঃসাহসিক আছিল৷ যাৰবাবে সেই সময়ত শংকৰদেৱক সমসাময়িক ব্ৰাহ্মণ সমাজে শংকৰদেৱক মেলেছ, নাস্তিক, জাত যোৱা বুলি শংকৰদেৱক কৈছিল৷ কাৰণ শংকৰদেৱে মূৰ্তিপূজা, বলি-বিধান, উচ্চ-নিম্ন জাত বিচাৰৰ বিৰোধ কৰিছিল৷ জাত-পাত বিচাৰ নকৰি সকলোৱে মিলি এখন সমাজ গঢ় দিছিল৷ আজিকালি বিভিন্ন ধৰ্মৰ লোকসকলে মুক্ত চিন্তা কৰাসকলক নাস্তিক আৰু গুৰু-গোসাই নমনা বুলি কয়৷ আৰু যিবিলাক গুণৰ কাৰণে এজন ব্যক্তিক নাস্তিক, কমিনিছ বুলি কয়– সেই আটাইবোৰ গুণৰ অধিকাৰী আছিল শংকৰদেৱ৷ কাৰণ আজিকালি যিসকলে হিন্দু-মুছলমানৰ মাজত বিভেদ নেদেখে, সকলোৰে হাতে খায়, উচ্চ জাতি, নিম্নজাতি বুলি কাকো সমীহ আৰু ঘিণ দুয়োটাই নকৰে, মুছলমানৰ ঘৰতো খাব, হিন্দুৰ ঘৰতো খাব, দুৰ্গাৰ মূৰ্তিৰ আগত ৰঙা কুকুৰা, পঠা ছাগলী আদি বলী দিবলৈ শাৰী পাতি নাথাকে, কামাখ্যাত গৈ ৰঙা সেন্দূৰ ফোঁট নোলোৱা- এই শ্ৰেণী মানুহক নাস্তিক বুলি কয়৷
আমি যদি শংকৰদেৱৰ কাম-কাজবিলাক ফঁহিয়াই চাওঁ তেতিয়া এনেকুৱা নাস্তিকেই এজনেই শংকৰদেৱৰ মাজত আমি বিচাৰি পাওঁ৷ [কিন্তু মই এনে মানুহবিলাক নাস্তিক বুলি নকৈ আধুনিক মানুহ বুলি ক’বলৈ ভাল পাঁও]৷ যাৰবাবে ধৰ্মীয় আৰু ইশ্বৰ সম্পৰ্কীয় চিন্তাধাৰৰ ফালৰ পৰা শংকৰদেৱক আমি লিঅ’নাৰ্ড ভিন্সিৰ সমপৰ্যায়ৰ ব্যক্তি হিচাপে বিবেচনা কৰোঁ বুলি মোৰ বন্ধুজনক ক’লো৷ লগতে মই বন্ধুজনক ক’লো- শংকৰদেৱে তেৰশ-চৈধ্যশ শতিকাতে তেতিছ কোটি দেৱতাক মাৰি এজন ভগৱানক ৰাখিছিল৷ আৰু তেওঁৰ উত্তৰপুৰুষ হৈ আমি অসমীয়া জাতিয়ে একবিংশ শতিকাত সেই এজন ভগৱানক বধি এখন ইশ্বৰহীন সমাজ গঢ়িব পাৰিব লাগিছিল৷ কিন্তু আমি নোৱাৰিলো৷ এখন ইশ্বৰহীন কিন্তু মানৱতাৰ এখন সমাজ গঢ়াৰ এখন মানচিত্ৰ শংকৰদেৱে আমাৰ সন্মুখত ৰাখি থৈ গৈছে৷ কিন্তু বহুজনে এতিয়া শংকৰদেৱকে ভগৱান বনাই ধূপ-ধূনাৰ ধোঁৱাৰে শংকৰদেৱকে চিনিব নোৱৰা কৰি পেলালে৷
লেখক ঃ পংকজ খনিকৰ, ধেমাজী
লগতে পঢ়ক-