1. News

চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে
চিৰাঙত ড্ৰেগন আৰু মাল্টা ফলৰ খেতি কৰিছে আকবৰ আলীয়ে

ড্ৰেগন ফল অসমত নতুনকৈ জনপ্ৰিয় হোৱা এবিধ খেতি। ইতিমধ্যো অসমৰ বহুকেইখন জিলাত এই খেতি কৰিবলৈ লৈছে কৃষকসকলে। বাক্সা জিলাত গম্বৰ বড়োৰ লগতে কেইবাজনো লোকে কৰিছে ড্ৰেগন ফুলৰ খেতি। ইতিমধ্যে বহু নৱ-প্ৰজন্মও আগ্ৰহী হৈছে এই ড্ৰেগন ফলৰ খেতিৰ বিষয়ে জানিবলৈ।

চিৰাং জিলাৰ প্ৰগতিশীল কৃষক আকবৰ আলীয়েও কৰিছে ড্ৰেগন ফলৰ খেতি। আকবৰে ৰাজ্যৰ কৃষি বিভাগৰ সহযোগত ড্ৰেগনৰ লগতে মাল্টা আৰু ড্ৰেগন ফ্ৰুটৰ খেতি কৰিছে। এই খেতিৰে আত্মসংস্থাপনৰ বাট বুলিছে। উল্লেখ্য যে এক কেজি ড্ৰেগন ফলৰ স্থানীয় বজাৰত দাম প্ৰায় তিনিশৰ পৰা চাৰিশ টকা।

চিৰাঙৰ প্ৰগতিশীল কৃষক আকবৰ আলীয়ে ড্ৰেগন ফল আৰু মাল্টা গছৰ তলে তলে ৰুইছে অনাৰস। চালে চকু ৰোৱা তেওঁৰ এই বাগানখন এতিয়া বহুজনৰ কৌতুহল হৈ পৰিছে। বিভিন্ন ঠাইৰ পৰা বিভিন্নজন লোক আহে তেওঁৰ বাগানখন চাবলৈ।

আকবৰ আলীৰ এই বাগানখনে যে কৌতুহলৰ সৃষ্টি কৰিছে তেনে নহয় বহু নিৱনুৱাৰ বাবে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে আকবৰ আলীয়ে।

লগতে পঢ়ক- হাজোৰ আব্দুল আৰু সীমান্তই কৰিছে বিদেশীমূলৰ শাক-পাচলিৰ খেতি

English Summary: Akbar Ali Dragon's cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.