Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 July, 2022 12:04 PM IST
ছোৱাইন ফ্লুৰ বিৰুদ্ধে পশুপালন বিভাগে গ্ৰহণ কৰা কামৰ খতিয়ান

ৰাজ্যত বৃদ্ধি পাই অহা ছোৱাইন ফ্লুৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ছোৱাইন ফ্লুত আক্ৰান্ত অঞ্চলৰ সুস্থ গাহৰিসমূহকো নিধন কৰাৰ নিৰ্দেশনা জাৰি আছে লগতে নিধন কৰা গাহৰিসমূহৰ বিনিময়ত ১০ দিনৰ ভিতৰত গাহৰি পালকসকলক আৰ্থিক সকাহ দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। তদুপৰি ৰোগ প্ৰতিৰোধৰ প্ৰতিৰোধৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে তৎপৰতাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এই ব্যৱস্থাসমূহে গাহৰিপালকসকলক সাময়িক সকাহ দিয়াৰ লগতে উক্ত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰিছে কৃষি তথা ৰাজ্যৰ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই। বিগত  দিনত ৰাজ্যৰ গাহৰি পালকসকলৰ বাবে ৰাজ্যৰ পশুপালন বিভাগে কৰা কামৰ এক খতিয়ান প্ৰকাশ কৰিছে। পশুপালন বিভাগৰ প্ৰতিবেদন অনুসৰি-

ছোৱাইন ফ্লুৰ বিৰুদ্ধে পশুপালন বিভাগে গ্ৰহণ কৰা কামৰ খতিয়ান
  • ৰাইজৰ মাজত ব্যাপক সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচাৰ মাধ্যমত বিজ্ঞাপন প্ৰচাৰৰ লগতে লৈ গোহাৰি জনোৱ হৈছে 
  • সংক্রমিত এলেকাসমূহত স্থানীয় প্রশাসনৰ জৰিয়তে ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হৈছে ।
  • ৪২৭ টা উদ্ধাৰ আৰু সাহায্য দল ( RRT ) গঠন কৰা হৈছে ।
  • আক্রান্ত গাহৰি পামসমূহত ৰোগৰ লক্ষণ দেখা দিয়া বা সন্দেহজনক গাহৰিৰ নিধন তথা নিষ্পত্তিকৰণৰ বাবে বিভাগে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে ।
  • আক্রান্ত বা সন্দেহজনক গাহৰিৰ তেজৰ নমুনা পৰীক্ষাণাৰত জমা দিয়াৰ তিনিদিনৰ ভিতৰত ফলাফল যোগান ধৰাৰ লগতে চৰকাৰীভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
ছোৱাইন ফ্লুৰ বিৰুদ্ধে পশুপালন বিভাগে গ্ৰহণ কৰা কামৰ খতিয়ান
  • সংক্ৰমিত এলেকাত চৰকাৰীভাৱে নিধন কৰা গাহৰিসমূহৰ ক্ষতিপূৰণ ১০ দিনৰ ভিতৰত গাহৰিৰ গৰাকীক আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
  • এই ৰোগৰ বিভিন্ন বিষয়ত সিদ্ধান্ত ল'বৰ বাবে এক উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে , 'ত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু , ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সঞ্চালক আৰু বিভাগৰ বিষয়া জড়িত হৈ আছে ৷

উল্লেখ্য যে পশুপালন বিভাগৰ এই প্ৰতিবেদন অনুসৰি চৰকাৰীভাৱে যিপদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া প্ৰশংসনীয়। কিন্তু কাৰ্যক্ষেত্ৰত ই কিমান প্ৰযোজ্য হৈছে সেয়া লক্ষ্যণীয়। চৰকাৰীভাৱে গাহৰি নিধন কৰা  মাহ অতিক্ৰম কৰিবলৈ হল কিন্তু এতিয়াও গাহৰিপালকসকলে লাভ কৰা নাই তেওঁলোকৰ ক্ষতিপূৰণ। কিন্তু চৰকাৰী প্ৰতিবেদনত দহদিনতেই লাভ কৰাৰ বিষয়ে প্ৰকাশ কৰিছে।

লগতে পঢ়ক- গাহৰি পালকৰ ভৱিষ্যত সন্দৰ্ভত কি ক’লে মন্ত্ৰী অতুল বৰাই !

English Summary: Report by the government for Pig famers
Published on: 24 July 2022, 11:46 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now