1. News

আজিৰ পৰা গুজৰাটৰ মাধেৰা গাঁওবাসীয়ে দিব নালাগে কাৰেণ্টৰ বিল

PANKAJ KHANIKAR
PANKAJ KHANIKAR
India's first solar powered village Modhera
India's first solar powered village Modhera

অসমত বিদ্যুতৰ বিলে জনসাধাৰণক আতংকিত কৰি থকাৰ সময়তে গুজৰাটৰ এখন গাঁৱৰ বাবে বিদ্যুতৰ বিল হৈ পৰিব ইতিহাস। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঐতিহ্যমণ্ডিত সূৰ্য মন্দিৰস্থিত গুজৰাটৰ মধেৰা দেশৰ প্ৰথমখন সৌৰশক্তি চালিত গাঁও হিচাপে ঘোষণা কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মধেৰা সূৰ্য মন্দিৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত্বত মেহছানাৰ সুজ্জনপুৰাত নিৰ্মাণ কৰা সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে মধেৰাক ২৪ ঘণ্টাই সৌৰশক্তিৰে সংযুক্ত কৰিব।

গুজৰাট চৰকাৰৰ বিবৃতি অনুসৰি, “এই প্ৰকল্পৰ জৰিয়তে মধেৰা হৈছে ভাৰতৰ প্ৰথমখন গাঁও যিয়ে নবীকৰণযোগ্য শক্তি উৎপাদক হিচাপে পৰিগণিত হৈছে” । এই প্ৰকল্পৰ জৰিয়তে গ্ৰাহকসকলে গ্ৰাহক বিদ্যুতৰ বিলত ৬০% ৰ পৰা ১০০% ৰাহি কৰিব বুলিও বিবৃতিটোত আৰু কোৱা হৈছে । 

লগতে পঢ়ক-

ভীমকলৰ খেতি থকাসকলে যোগাযোগ কৰিব পাৰে ইন্দুকল্প ভৰালীৰ লগত

এই সন্দৰ্ভত মধেৰা গাঁৱৰ গাঁওবুঢ়া মধেৰাৰ গাঁওবুঢ়া যতনবেন ঠাকুৰৰ মতে, সৌৰশক্তিৰ ব্যৱহাৰে নাগৰিকসকলৰ মাজত সমৃদ্ধি বৃদ্ধি কৰিছে । পূৰ্বে ১০০০ টকাতকৈও বেছিকৈ অহা বিদ্যুতৰ বিল আজি প্ৰায় শূন্যলৈ হ্ৰাস পাইছে । কাৰণ ঘৰতে বিনামূলীয়াকৈ Solar panel স্থাপন কৰা হৈছে । অতিৰিক্ত শক্তিৰ ক্ষেত্ৰত তেওঁলোকে অতিৰিক্ত উপাৰ্জন কৰিবলৈও সক্ষম হৈছে ৷

গাওঁখনত গাঁওখনত ১৩০০ৰো অধিক ঘৰৰ ছাদৰ ওপৰত ১ কিলোৱাট ক্ষমতাসম্পন্ন Solar panel স্থাপন কৰা হৈছে । এই Solar panel-সমূহে দিনত সূৰ্যৰ পোহৰত চাৰ্জ হয় আৰু সন্ধিয়া BESS য়ে ঘৰবোৰলৈ বিদ্যুৎ যোগান ধৰে। উল্লেখ্য যে ৯ অক্টোবৰত  তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে এই সৌৰশক্তি প্ৰকল্পটো উদ্বোধন কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক- হায়াৰ চেকেণ্ডাৰি-বিএ পাছ কৰা পাছতে পঢ়া-শুনা এৰা যুৱকসকলে কৰিব পৰা এটা স্বাধীন ব্যৱসায়

English Summary: India's first solar powered village Modhera

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.