1. News

ৰবি শস্যৰ মাটিৰ পৰিমাণ ৪৫৭ লাখ হেক্টৰৰ পৰা ৫২৬ লাখ হেক্টৰলৈ বৃদ্ধি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Rabi crop area increased  to 526 lakh hectares
Rabi crop area increased to 526 lakh hectares

দেশৰ কৃষক ৰাইজে খেতি কৰিবলৈ এৰিছে। চৰকাৰী ফিৰি চাউল খাবলৈ পায় কৃষক ৰাইজে খেতি কৰিবলৈ পাহৰিছে বুলি এচামে চিঞৰ-বাখৰ কৰি থকাৰ মাজতে আহিছে কৃষি খণ্ডৰ বাবে এটা ভাল খবৰ। ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত ১৫ শতাংশ বৃদ্ধি পাইছে ৰবি শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ।

কৃষি মন্ত্ৰ্যালয়ে কৈছে যে ৰবি শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ ৪৫৭ লাখ হেক্টৰৰ পৰা ৫২৬ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰবি শস্যৰ অন্তৰ্গত সকলো শস্যৰ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িছে যদিও ঘেঁহুৰ খেতি কৰা মাটি সৰ্বাধিক বৃদ্ধি পাইছে।

লগতে পঢ়ক- 

ভোগালীৰ মাজতে তালগুৰিত শৰশয্যাত মৃত্যুৰ ক্ষণ গণিছে পিতামহ ভীষ্মই

ব্যাপক পৰ্যায়ত বীজৰ ক্ষুদ্ৰ কীটৰ বিতৰণ, সময় নিৰ্ধাৰিত যোগান আৰু প্ৰযুক্তিৰ প্ৰচাৰ-প্ৰসাৰৰ ফলত এয়া সম্ভৱ হৈ উঠিছে। মন্ত্ৰ্যালয়ে কৈছে যে চৰকাৰে গুণগত বীজ যোগান নিশ্চিত, শস্যৰ বিষয়ে তথ্য প্ৰদান আৰু ঋণ উপলব্ধ কৰাৰ লগতে শস্য বীমাৰ জৰিয়তে খেতিয়কসকললৈ সমৰ্থন আগবঢ়াবৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আছে ।

খেতি কৰা মাটিৰ পৰিমাণ আৰু উৎপাদন বৃদ্ধি পালে দেশে খাদ্য সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত নতুন কৃতিত্ব অৰ্জন কৰিবলৈ সমৰ্থ হ’ব। অধিক উৎপাদন আৰু উচিত মূল্য লাভ কৰিলে খেতিয়কসকলৰ আয় বৃদ্ধি পাব।

লগতে পঢ়ক- 

শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হ'ল এটা হেৰিটেজ মিউজিয়াম

English Summary: Rabi crop area increased to 526 lakh hectares

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.